কলকাতাঃ জামিন লাভ কৰা স্বত্বেও নিজকে মোকলাব পৰা নাই একালত অসমৰ বৈদ্যুতিন সংবাদ জগতত দপদপাই থকা মনোৰঞ্জনা সিঙে। সাৰদা কেলেংকাৰীত অভিযুক্ত ৪৮ বৰ্ষীয় মনোৰঞ্জনাৰ এতিয়া সেই ৰাজপাটো নাই, সেই বিলাসিতাও নাই।

সাৰদা কেলেংকাৰীৰ অন্যতম প্ৰধান অভিযুক্ত মনোৰঞ্জনাক উচ্চতম ন্যায়ালয়ে জামিন দিছিল যদিও টকাৰ অভাৱত নিজকে মোকলাব নোৱাৰা কথাটোৱে আকৌ এবাৰ প্ৰমাণ কৰিলে যে ভাগ্যৰ চকা সমানে নুঘূৰে।এসময়ৰ প্ৰাচূৰ্যৰে ভৰা মনোৰঞ্জনাই এতিয়া জামিনৰ বাবে পৈতৃক সম্পত্তি বন্ধকত থ’ব লগা হৈছে।

⇒ একালৰ বৃন্দাবন, একালত পৰে ছন। এয়েতো জীৱন।

কিন্তু ভূতৰ ওপৰত দানহ পৰাদি মনোৰঞ্জনাক জুৰুলা কৰিছে আন এটা সমস্যাই। দেহা থাকিলেহে বেহা। কিন্তু মনোৰঞ্জনাৰ এতিয়া বেহাটো নায়েই, লগতে নাই দেহাও। এসময়ৰ মিডিয়া জগতৰ 'সুন্দৰী’ মনোৰঞ্জনা সম্প্ৰতি অসুস্থ। কলকাতাৰ শৰৎ বসু ৰোডৰ এখন চিকিৎসালয়তভৰ্তি হৈ  আছে একালৰ অসমৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ সম্ৰাজ্ঞীগৰাকী৷

চিকিৎসকে  জনোৱা মতে,  ইউৰিক এচিডৰ সমস্যাত গুৰুতৰভাৱে ভুগি আছে মনোৰঞ্জনাই। হাত দুখনকে দাঙিব পৰা নাই তেঁও। দীৰ্ঘদিন ধৰি এনেদৰে হাত দাঙিব নোৱাৰিলে স্নায়ু আৰু হৃদযন্ত্ৰত প্ৰভাৱ পৰিব পাৰে বুলি প্ৰকাশ কৰে চিকিৎসকে ৷ নিয়মিত চিকিৎসাৰহে কোনোমতে ৰাখিব পৰা যাব বুলিও জানিবলৈ দিছে চিকিৎসকে।

মনোৰঞ্জনাৰ অন্তৰত এতিয়া কেৱল বেদনা।  মান-সন্মানৰ লগতে সা-সম্পত্তি হেৰুৱাই এতিয়া তেওঁ নিস্বঃ। প্ৰকাশিত বাতৰি মতে, কি স্থাৱৰ কি অস্থাৱৰ সকলো সম্পত্তি, আনকি বেংকৰ জমা-জৰিও বন্ধকত থবলগীয়া হৈছে মনোৰঞ্জনাই। এসময়ত সংগীৰ কোনো অভাৱ নথকা মনোৰঞ্জনাৰ কাষত এতিয়া ভাতৃ মণিষ সিং, পিতৃ কেদাৰনাথ সিং আৰু মাতৃ শ্যামাৰ বাদে আন কোনো নাই।

উল্লেখ্য যে, এসময়ত প্ৰভাৱশালী কংগ্ৰেছ নেতা মাতংগ সিঙৰ সৈতে দীৰ্ঘদিনীয়া বিবাহ-বিচ্ছেদৰ বিষয়টোৱে মনোৰঞ্জনাক সংবাদ মাধ্যমৰ শীৰ্ষত ৰাখিছিল। সাৰদা কেলেংকাৰীত ২০১৫ চনত চিবিআইৰ হাতত গ্ৰেপ্তাৰ হৈছিল মনোৰঞ্জনা। চিবিআইয়ে বন্ধ কৰি দিছিল তেওঁৰ মালিকানাধীন ফ্ৰণ্টিয়াৰ টিভি চেনেল। সেই তেতিয়াৰে পৰা এতিয়ালৈকে দুৰ্ভাগ্যই পিছ এৰা নাই মনোৰঞ্জনাক।