বিশেষ প্ৰতিবেদনঃ বিগত কিছুদিন ধৰি চৰ্চাত আছে অসম বিজেপিৰ ভিতৰুৱা সংঘাত। দুটা ভাগত বিভক্ত হোৱা অসম বিজেপিৰ ভিতৰচ’ৰাত একাংশ নেতাই মুকলিকৈ আনটো ভাগৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰাত তাক লৈ দৃষ্টি নিৱদ্ধ হৈছে সাধাৰণ জনতাৰো। বিশেষকৈ বিজেপিৰ সৈতে কেইবাদশক ধৰি জড়িত হৈ থকা ৰাজনীতিকসকলে তেওঁলোকে প্ৰবীণ নেতাসকলক একাষৰীয়া কৰাত ৯-১০ বছৰ পূৰ্বে অন্য দলৰ পৰা আহি বিজেপিত চামিল হোৱাসকলৰ বিৰুদ্ধে আক্ষেপ ব্যক্ত কৰিছে।
তথাকথিত এই নতুন বিজেপি নেতাৰ বিৰুদ্ধে আদৰ্শগত মতানৈক্যৰ সূত্ৰপাত ঘটোৱা জ্যেষ্ঠ নেতাসকলৰ নামৰ তালিকাত শেহতীয়াকৈ সন্নিৱিষ্ট হৈছে নগাঁও সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইৰ নাম। ইয়াৰ পূৰ্বে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, প্ৰাক্তন কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আদিৰ দৰে প্ৰবীণ বিজেপি নেতাই নতুন বিজেপিৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰি চৰ্চালৈ আহিছিল।