ছিপাঝাৰঃ কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিগত ১৫ মাৰ্চ তাৰিখৰ পৰা বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ। লকডাউন ঘোষণা কৰাৰ পিছত এতিয়া এই বন্ধ আৰু দীঘলীয়া হৈ পৰালৈ চাই ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত যাতে বিশেষ প্ৰভাৱ নপৰে তাৰবাবে অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীৰ সৈতে ফোনযোগে আলোচনা কৰাৰ উপৰিও হোৱাইটছএপ যোগেও শৈক্ষিক আলোচনা কৰাৰ বাবে শিক্ষা বিভাগে শিক্ষকসকলক পৰামৰ্শ আগবঢ়াইছিল।
শিক্ষা বিভাগৰ এনে পৰামৰ্শমতে ছিপাঝাৰ শিক্ষা খণ্ডৰ নিৰ্দেশনা অনুসৰি বিষ্ণুপুৰ মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়তো হোবাইটছএপ গোট গঠন কৰি পাঠদান কাৰ্যসূচী চলাই যোৱা বুলি সংশ্লিষ্ট বিদ্যালয়খনৰ পাৰদৰ্শী বঁটা প্ৰাপক শিক্ষক হিৰণ্য কুমাৰ নাথৰ পৰা জানিব পৰা গৈছে। তেওঁ নিজে প্ৰশাসক হিচাপে থাকি গ্ৰুপটো ছাত্ৰ-ছাত্ৰীৰ শিকন ঘাটি পূৰাবলৈ কিছুমান নিয়ম তথা কৌশল, পঠন সামগ্ৰী, শ্ৰৱণ সামগ্ৰী, ভিডিঅ’ আদি পোষ্ট কৰি পৰিচালনা কৰি আছে।