সংসদৰ বিশেষ অধিৱেশনৰ সেইদিনা আছিল চতুৰ্থ দিন। এটা গুৰুত্বপূৰ্ণ বিষয় লৈ সদনত নিজৰ মতামত ৰাখিবলৈ থিয় হৈছিল উত্তৰ প্ৰদেশৰ আমৰোহা সংসদীয় সমষ্টিৰ বহুজন সমাজ পাৰ্টীৰ সাংসদ দানিশ আলী। অলপতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সম্ভৱ কৰা চন্দ্ৰযান-৩ৰ সফল চফ্ট লেণ্ডিঙৰ বাবে ইছৰ’ৰ বিজ্ঞানীসকলক ধন্যবাদ জনাই দানিশ আলীয়ে আৰম্ভ কৰে তেওঁৰ ভাষণ। 

ভাষণৰ মাজতে তেওঁ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু তেওঁৰ মন্ত্ৰীসভাৰ শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদে বিজ্ঞানৰ ভেটি গঢ়িবলৈ কৰা প্ৰচেষ্টাক সুঁৱৰি কয় বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ আটাইতকৈ ভাগ্যৱান প্ৰধানমন্ত্ৰী। পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলে ৰোপণ কৰা বীজৰ ফচল কাটি আজি প্ৰধানমন্ত্ৰীয়ে নিজে কৃতিত্ব ল’ব বিচাৰিছে বুলিও মন্তব্য কৰে দানিশ আলীয়ে। লোকসভাৰ মজিয়াত সাংসদগৰাকীয়ে এই প্ৰশ্নও উত্থাপন কৰে যে ইছৰ’ৰ বাবে অনুমোদিত বাজেট এই বৰ্ষত কিয় ৮ শতাংশ হ্ৰাস কৰা হৈছে? 

নতুন সংসদ ভৱনত বিএছপিৰ সাংসদ দানিশ আলীৰ ভাষণৰ পিছতে তেওঁক প্ৰত্যুত্তৰ দিবলৈ থিয় হয় বিজেপিৰ দক্ষিণ দিল্লীৰ সাংসদ ৰমেশ বিধুৰী। চন্দ্ৰযান-৩ৰ সাফল্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতিত্ব ল’বই বুলি কৈ কৈ কথাৰ মাজতে অসংসদীয় শব্দেৰে বিৰোধীক আক্ৰমণত নামি পৰে বিধুৰী। সেই সময়ত তেওঁৰ ভাষণত বাধা প্ৰদান কৰা বিৰোধী সাংসদক উদ্দেশ্যি তেওঁৰ মুখৰ পৰা ওলায় 'ঐ মোল্লা সন্ত্ৰাসবাদী’, 'ঐ ভড়ৱা’, 'ঐ সন্ত্ৰাসবাদী’ আদি অসংসদীয় শব্দ।

এয়াই আছিল বিতৰ্কৰ আৰম্ভণি। গণতন্ত্ৰৰ পৱিত্ৰ মন্দিৰৰূপে পৰিচিত সদনৰ মজিয়াত এনেদৰে এগৰাকী শাসকীয় দলৰ সাংসদে বিৰোধীক উদ্দেশ্যি অশালীন শব্দৰ ব্যৱহাৰ কৰাৰ পিছতে সৰৱ হৈ পৰে বিৰোধী। দেশৰ সাধাৰণ জনতাৰ মাজতো এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰমেশ বিধুৰীয়ে সদনৰ ভিতৰত কৰা আচৰণে। এগৰাকী জন প্ৰতিনিধিৰ এনে মন্তব্য আৰু ব্যৱহাৰে প্ৰশ্ন উত্থাপন কৰিছে জনতাৰ দ্বাৰা নিৰ্বাচিত প্ৰতিগৰাকী মন্ত্ৰী-সাংসদ অথবা বিধায়কৰ ব্যক্তিত্বক লৈও।

বিৰোধী সাংসদক অসংসদীয় ভাষাৰে গালি দিয়া ৰমেশ বিধুৰী কোন?

সহজ ভাষাত ক’বলৈ গ’লে বিজেপিৰ বৰ্তমানৰ প্ৰভাৱশালী সাংসদসকলৰ ভিতৰত ৰমেশ বিধুৰীও এজন। দক্ষিণ দিল্লীৰ পৰা একেৰাহে দুবৰাকৈ সংসদলৈ নিৰ্বাচিত হোৱা ৰমেশ বিধুৰীৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে। সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে বিধুৰীয়ে ২০০৩ চনৰ পৰা ২০১৪ চনলৈ দিল্লীৰ টুগলাকাবাড় বিধানসভা সমষ্টিৰ বিধায়ক আছিল। প্ৰায়ে বিতৰ্কিত মন্তব্য কৰি চৰ্চাত থকা ৰমেশ বিধুৰী গুৰ্জাৰ সম্প্ৰদায়ৰ এগৰাকী অন্যতম নেতা হোৱাৰ বাবেই বিজেপিত তেওঁৰ স্থান অক্ষত বুলি মন্তব্য কৰে ৰাজনৈতিক বিশ্লেষকসকলে। 

সদনৰ মজিয়াত মহিলাক লৈ অপমানজনক মন্তব্য কৰাৰ পৰা সদনৰ বাহিৰত বিৰোধী সাংসদক বাহুবল দেখুৱাবলৈ প্ৰত্যাহ্বান জনোৱালৈকে অনেক বিতৰ্কৰে ভৰি আছে ৰমেশ বিধুৰীৰ ৰাজনৈতিক জীৱন। ভূমি বেদখল, অবৈধ খনন, কৰ ফাঁকি আদিৰ দৰে অনেক কেলেংকাৰীত নাম সাঙোৰ খাই থকা ৰমেশ বিধুৰী প্ৰতিৰক্ষা, নগৰ উন্নয়ন, বৈদেশিক পৰিক্ৰমাকে ধৰি কেইবাখনো সংসদীয় সমিতিৰো সদস্য। 

উগ্ৰ মেজাজ আৰু আগ্ৰাসী ৰাজনীতিক শৈলীৰ বাবে পৰিচিত ৰমেশ বিধুৰীৰ বিৰুদ্ধে এবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সন্ত্ৰাসবাদী বুলি অভিহিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগক লৈ তেওঁৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছিল দিল্লী আৰক্ষীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক পুতলা আখ্যা দিয়াক লৈ বিধুৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল কংগ্ৰেছ। 

বিতৰ্ক বনাম ৰমেশ বিধুৰী

গুৰ্জাৰ সম্প্ৰদায়ৰ বিজেপি নেতা ৰমেশ বিধুৰীয়ে সৃষ্টি কৰা বিতৰ্ক এয়াই প্ৰথম নহয়। ২০১৯ চনত হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে সকলো ৰাজ্যৰ ওপৰত জাপি দিয়াক লৈ সদনৰ মজিয়াত কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ সৈতে মৌখিক বিবাদত লিপ্ত হৈছিল বিধুৰী। অ-হিন্দী ভাষী ৰাজ্যত হিন্দী জাপি দিয়াৰ বিৰোধিতা কৰাৰ বাবে বিধুৰীয়ে থাৰুৰক “দেশদ্ৰোহী” আৰু “বিদেশী এজেণ্ট” আখ্যা দিয়াৰ অভিযোগ উত্থাপন হয়। থাৰুৰে অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰি বিধুৰীক ক্ষমা খুজিবলৈ দাবী জনায়। কিন্তু বিধুৰীয়ে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰি দাবী কৰে যে তেওঁ কেৱল থাৰুৰ ভাৰতীয় হোৱাৰ বাবে হিন্দীত কথা ক’ব লাগে বুলিহে কৈছিল।

২০১৮ চনত বিধুৰীয়ে তেতিয়াৰ আপ সাংসদ তথা বৰ্তমানৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিৰুদ্ধেও গালি-গালাজ শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ বিজেপিৰ উন্নয়ন আৰু কৃতিত্বৰ দাবীক উপহাস কৰাৰ বাবে বিধুৰীয়ে মানক “মদ্যপায়ী” আৰু “জোকাৰ” হিচাপে অভিহিত কৰা বুলি অভিযোগ উঠে। বিধুৰীৰ এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মানে অধ্যক্ষক ৰেকৰ্ডৰ পৰা সেইবোৰ মচি পেলাবলৈ দাবী জনায়। 

পাক অধিকৃত কাশ্মীৰ (PoK)ত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে ভাৰতীয় সেনাই চলোৱা চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ বাবে আপৰ সাংসদ সঞ্জয় সিঙক প্ৰহাৰ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল বিধুৰীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি বিধুৰীয়ে চাৰ্জিকেল ষ্ট্ৰাইকৰ সত্যতাক লৈ সন্দেহ কৰাৰ বাবে সঞ্জয় সিঙক “দেশদ্ৰোহী” আৰু “পাকিস্তানী এজেণ্ট” বুলি অভিহিত কৰিছিল। লগতে সিঙক সদনৰ বাহিৰলৈ আহি তেওঁৰ মুখামুখি হ’বলৈও প্ৰত্যাহ্বান জনাইছিল বিধুৰীয়ে। যাৰ পৰিপ্ৰেক্ষিতত আপ সাংসদগৰাকীয়ে দিল্লী আৰক্ষীত এজাহাৰ দাখিল কৰি বিধুৰীৰ পৰা সুৰক্ষা বিচাৰিছিল।

সংসদত অংসদীয় শব্দ, কি শাস্তি পালে বিধুৰীয়ে?

জনতাৰ কণ্ঠ য’ত উত্থাপিত হয়, সেই সংসদৰ গৰিমা বৰ্তাই ৰখাটো প্ৰতিজন সদস্যৰে দায়বদ্ধতা। যাৰ বাবে সংসদত সদস্যসকলৰ কথন আৰু ব্যৱহাৰক লৈ কেতবোৰ নিয়ম বান্ধি দিয়া হৈছে। আৰু সেই নিয়মসমূহ সন্নিৱিষ্ট কৰা হৈছে সংসদ সদস্যৰ হাতপুথিত। সদস্যৰ হাতপুথি অনুসৰি কিছুমান বিশেষ শব্দ আৰু অভিব্যক্তি আছে যিবোৰ অসংসদীয় বুলি গণ্য কৰা হয় আৰু সদনত সাংসদসকলে ব্যৱহাৰ কৰা উচিত নহয়। ইয়াৰ ভিতৰত আছে যিকোনো ব্যক্তি, সম্প্ৰদায়, ধৰ্ম বা দেশৰ প্ৰতি মানহানিকাৰক, অশ্লীল, গালি-গালাজ বা অপমান কৰা শব্দ। “মিছলীয়া”, “কাপুৰুষ”, “মূৰ্খ”, “গোৱাৰ”, “চোৰ”, “হত্যাকাৰী”, “দেশদ্ৰোহী”, “জাতীয় বিৰোধী”, “সাম্প্ৰদায়িক”, “ফেচিষ্ট" আদি অনেক শব্দ নিজৰ ভাষণত ব্যৱহাৰ নকৰিবলৈ সদস্যসকলক নিৰ্দেশ দিয়া হৈছে।

সংসদীয় যথাযথতা বা শিষ্টাচাৰৰ ভিত্তিত আপত্তিজনক কিছুমান শব্দও হাতপুথিখনত উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত অধ্যক্ষ, সদন বা আন কোনো সাংবিধানিক কৰ্তৃপক্ষৰ প্ৰতি অসন্মান বা অৱজ্ঞাসূচক শব্দও অন্তৰ্ভুক্ত। হাতপুথিখনে সাংসদসকলক এনে শব্দ ব্যৱহাৰ নকৰিবলৈও পৰামৰ্শ দিয়ে যিবোৰ শব্দ অস্পষ্ট, দুটা অৰ্থযুক্ত বা বিভ্ৰান্তিকৰ, জনসাধাৰণৰ মাজত বিভ্ৰান্তি বা ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। হাতপুথিখনত উল্লেখ কৰা হৈছে যে যদি কোনো সাংসদে সদনত কোনো অসংসদীয় শব্দ বা অভিব্যক্তি ব্যৱহাৰ কৰে তেন্তে অধ্যক্ষই তেওঁক সেইটো প্ৰত্যাহাৰ কৰিবলৈ বা ৰেকৰ্ডৰ পৰা মচি পেলাবলৈ নিৰ্দেশ দিব পাৰে। অধ্যক্ষই বিশৃংখল আচৰণৰ বাবে সাংসদগৰাকীৰ নাম উল্লেখ কৰি অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে তেওঁক সদনৰ সেৱাৰ পৰা নিলম্বনো কৰিব পাৰে।

সদনৰ মজিয়াত অসংসদীয় শব্দৰ ব্যৱাহৰ কোনোপধ্যেই নতুন নহয়। ইয়াৰ পূৰ্বেও বহু সাংসদ আৰু মন্ত্ৰীয়ে সদনৰ ভিতৰত বিৰোধীক সমালোচনা কৰিবলৈ গৈ অসংসদীয় শব্দেৰে গালি গালাজ কৰাৰ অভিযোগ উত্থাপন গৈছে। ২০১৫ৰ ক’লা ধন বিতৰ্কৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক “ডকাইত” আখ্যা দিয়াৰ বাবে কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীক ৫ দিনৰ বাবে লোকসভাৰ পৰা নিলম্বন কৰিছিল অধ্যক্ষই।

সেইদৰে ২০০৬ চনত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিতৰ্কৰ সময়ত মহিলা সাংসদ সন্দৰ্ভত যৌনতাসূচক শব্দ প্ৰয়োগ কৰাৰ বাবে জেডিইউৰ সাংসদ শৰদ যাদৱক তিনিদিনৰ বাবে লোকসভাৰ পৰা নিলম্বন কৰা হৈছিল। ২০১৯ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক “চোৰ” আখ্যা দিয়াৰ বাবে সদনৰ পৰা নিলম্বন কৰা হৈছিল কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক।

এনে অনেক উদাহৰণ আছে, য’ত জনতাৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিয়ে বিৰোধীক সমালোচনা কৰিবলৈ গৈ সদনৰ মজিয়াত অপশব্দ বা অসংসদীয় শব্দ ব্যৱহাৰ কৰিছে। অভিযোগ অনুসৰি, সংসদৰ মৰ্যাদা হানি কৰা শব্দ প্ৰয়োগৰ বাবে বিৰোধী সাংসদৰ বিৰুদ্ধে অধ্যক্ষ যিমান কঠোৰ হয়, সিমান কঠোৰ শাসকীয় দলৰ সাংসদ-মন্ত্ৰীৰ প্ৰতি পৰিলক্ষিত নহয়। এনে অভিযোগৰ মাজতে বিজেপি সাংসদ বিধুৰীৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষই শাস্তিৰ নামত কেৱল উক্ত শব্দ সদনৰ ৰেকৰ্ডৰ পৰা প্ৰত্যাহা কৰি আৰু সকীয়নি প্ৰদান কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে।

ডাঃ হৰ্ষবৰ্ধন আৰু ৰবিশংকৰ প্ৰসাদৰ হাঁহিকো সমালোচনা

সাংসদ বিধুৰীয়ে আপত্তিজনক শব্দ কৈ থকাৰ সময়ত সদনৰ কাৰ্যক্ৰমণিকা পৰিচালনা কৰি থকা আসনাধিষ্ঠিত অধ্যক্ষ কোডিকুন্নিল সুৰেশে বাধা দিবলৈ চেষ্টা কৰিছিল যদিও কোনো ফল ধৰা নাছিল। আচৰিত ধৰণে যিসময়ত বিধুৰীয়ে তেনে শব্দ প্ৰয়োগ কৰি ভাষণ প্ৰদান কৰি আছিল তেতিয়া তেওঁৰ পিছতে বহি থকা পূৰ্বৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন আৰু প্ৰাক্তন আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে সেয়া শুনি হাঁহি থকা দেখা গৈছিল।

ইমানেই নহয়, শাসক পক্ষৰ কেবাগৰাকী সাংসদে টেবুলত থপৰিয়াই বিধুৰীক তেনে ভাষণ দিয়াত উৎসাহহে যোগাইছিল। সদনত সেই সময়ত উপস্থিত থকা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু আন মন্ত্ৰীসকলৰো কোনেও বিধুৰীক বাধা দিবলৈ অকণো চেষ্টা কৰা নাছিল।

উল্লেখ্য যে, নতুন সংসদ ভৱনত চলা প্ৰথম দিনৰ কাৰ্যক্ৰমণিকাৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে সংসদৰ গৰিমা অটুত ৰাখিবলৈ আহ্বান জনাইছিল।সাংসদসকলৰ আচৰণৰ ওপৰত ভিত্তি কৰিয়েই অনাগত নিৰ্বাচনত কোনে কোনফালে বহিবলৈ সমৰ্থ হ’ব সেয়া নিৰ্ভৰ কৰিব বুলিও মন্তব্য কৰি সকলোকে উচিত আচৰণ কৰিবলৈকো আহ্বান জনাইছিল মোদীয়ে।

বিধুৰী বিতৰ্কক লৈ প্ৰতিক্ৰিয়া বিজেপিৰ

২১ ছেপ্টেম্বৰত সদনৰ মজিয়াত বিএছপি সাংসদ দানিশ আলীক লৈ আপত্তিজনক অপশব্দ ব্যৱহাৰ কৰি বিজেপিৰ সাংসদ ৰমেশ বিধুৰী বিতৰ্কৰ মাজত সোমাই পৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে কেইবাগৰাকীও বিজেপি নেতাই। দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই সাংসদগৰাকীৰ আচৰণক লৈ দুখ প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিধুৰীৰ মন্তব্যত যদি বিৰোধীয়ে আঘাত পাইছে, তেন্তে তাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰিছে।

অৱশ্যে বিজেপিৰ একাংশ নেতাই বিধুৰীৰ পক্ষ লৈ আলী আৰু বিৰোধী দলৰ অন্যান্য নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ পিতৃ-মাতৃৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে। বিজেপিৰ সাংসদ নিশিকান্ত ডুবেয়ে অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰ লিখি লোকসভাত দানিশ আলী, তৃণমূল কংগ্ৰেছ আৰু দ্ৰাবিড় মুনেত্ৰ কাঝাগাম (ডিএমকে)ৰ দৰে দলৰ সদস্যসকলে 'অতি আপত্তিজনক’ মন্তব্য কৰি বিধুৰীক উত্তেজিত কৰি তোলাৰ অভিযোগ উত্থাপন কৰে। সদনৰ মজিয়াত কংগ্ৰেছ আৰু অন্য বিৰোধী দলে প্ৰধানমন্ত্ৰীক “চোৰ”, “লুতেৰা” আদি আখ্যা দিয়া বিষয়টো উত্থাপন কৰি বিধুৰীৰ মন্তব্য ন্যায্য বুলি প্ৰমাণ কৰিব বিচাৰে একাংশ বিজেপিয়ে।

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এক্সত প্ৰতিক্ৰিয়া ব্যক্ত কৰি হাৰিয়ানা কংগ্ৰেছৰ মুৰব্বী উদয় ভানে প্ৰধানমন্ত্ৰী মোদী আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি ৰমেশ বিধুৰীৰ পক্ষত থিয় দিয়া দেখা যায়।

‘এয়া বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰতিফলন’

বিৰোধী দলসমূহে বিধুৰীৰ এই মন্তব্যক গৰিহণা দি সংসদৰ পৰা তেওঁক নিলম্বন কৰাৰ দাবী জনায়। ধৰ্মনিৰপেক্ষতা আৰু বহুত্ববাদৰ প্ৰতি বিজেপিৰ দায়বদ্ধতাক লৈও প্ৰশ্ন উত্থাপন কৰে বিৰোধীয়ে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে সদনৰ মজিয়াত শাসকীয় দলে বিৰোধী সাংসদক কৰা আচৰণ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। এয়া গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিও ভাবুকি বুলি অভিহিত কৰে জয়ৰাম ৰমেশে।

বিএছপি মুৰব্বী মায়াৱতীয়ে কয় যে বিধুৰীৰ বিৰুদ্ধে বিজেপিয়ে কোনো উপযুক্ত ব্যৱস্থা নোলোৱাটো দুৰ্ভাগ্যজনক। তেওঁৰ এই বক্তব্য সমগ্ৰ মুছলমান সমাজৰ বিৰুদ্ধে আৰু সংসদক অপমান কৰা বুলিও কয়। সংসদৰ উভয় সদনত তেওঁৰ দলে এই বিষয়টো উত্থাপন কৰিব বুলিও কয় মায়াৱতীয়ে।

তৃণমূল কংগ্ৰেছ নেতা মহুৱা মৈত্ৰাই টুইটযোগে কয় যে বিধুৰীৰ মন্তব্য বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰতিফলন। সদনৰ গৰিমা বিঘ্নিত কৰা এনে সাংসদৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা উচিত। ওমৰ আব্দুল্লাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অধ্যক্ষ ওম বিৰলাই পূৰ্বেও বিধুৰীক এনে আচৰণৰ পুনৰাবৃত্তি হ’লে “কঠোৰ ব্যৱস্থা” লোৱাৰ কথা সকীয়াই দিছিল। তেওঁ কয় যে বিৰোধী দলৰ সাংসদসকলক তুচ্ছ অপৰাধৰ বাবে নিলম্বন কৰা হৈছে আৰু ইয়াত সম্পূৰ্ণ নিৰ্যাতনক সহ্য কৰা হৈছে। লগতে কয় যে মুছলমানৰ বিৰুদ্ধে বিজেপিয়ে এনেদৰে ঘৃণা বিয়পাইছে।

সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (AIMIM)ৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে বিধুৰীৰ মন্তব্যত কোনো আচৰিত হ’বলগীয়া নাই আৰু এয়া বিজেপিৰ ৰাজনৈতিক এজেণ্ডা বুলি অভিহিত কৰে। ওৱেইছিয়ে দাবী কৰে যে বিধুৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব। ইয়াৰ বিপৰীতে তেওঁক অদূৰ ভৱিষ্যতে বিজেপিৰ দিল্লী ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে ওৱেইছিয়ে৷ তেওঁ লগতে কয় যে আজি ভাৰতৰ মুছলমানসকলৰ লগত হিটলাৰৰ জাৰ্মানীত ইহুদীসকলৰ লগত যি ব্যৱহাৰ কৰা হৈছিল, সেইদৰে ব্যৱহাৰ কৰা হৈছে।

এই অপমান সহ্য কৰিব নোৱাৰোঃ দানিশ আলী

সদনৰ মজিয়াত ৰমেশ বিধুৰীয়ে কৰা অশালীন আচৰণৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিএছপিৰ সাংসদ দানিশ আলীয়ে কয় যে এতিয়া তেওঁ সংসদত নিজকে অসুৰক্ষিত আৰু নিৰাপত্তাহীন অনুভৱ কৰিছে। অধ্যক্ষৰ পৰা ন্যায় পোৱাৰ আশা কৰি এই বিষয়ত তদন্ত কৰা উচিত বুলিও তেওঁ কয়। লগতে তেওঁ কয় যে যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে তেওঁ অতি দুখ মনেৰে সংসদ ত্যাগ কৰাৰ কথা চিন্তা কৰিব, কিয়নো তেওঁ এনে অপমান সহ্য কৰিব নোৱাৰে।

আলীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁক নিজ গৃহত সাক্ষাৎ কৰিবলৈ যোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে গান্ধীয়ে তেওঁক আশ্বাস দিছে আৰু সংখ্যালঘুৰ ওপৰত এনেধৰণৰ আক্ৰমণ প্ৰতিহত কৰিব লাগে বুলি কয়। আলীয়ে আন বিৰোধী নেতা, নাগৰিক সমাজৰ গোট আৰু সংবাদ মাধ্যমক তেওঁৰ কাষত থিয় দি বিধুৰীৰ মন্তব্যৰ বিৰুদ্ধে মাত মতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

মৌন প্ৰধানমন্ত্ৰী মোদী, মৌন মোহন ভাগৱত

বিৰোধীয়ে অভিযোগ কৰিছে যে বিধুৰীৰ মন্তব্যক লৈ হোৱা বিতৰ্ক কোনো আকস্মিক ঘটনা নহয়, বৰঞ্চ বিজেপিৰ নেতা-সমৰ্থকৰ সাম্প্ৰদায়িক মেৰুকৰণ আৰু ঘৃণামূলক ভাষণৰ বৃহত্তৰ আৰ্হিৰ অংশ। যোৱা কিছু বছৰত বিজেপিৰ কেইবাজনো নেতাই নাগৰিকত্ব সংশোধনী আইন (CAA), ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি), ৰাম মন্দিৰ, গো সুৰক্ষা, লাভ জেহাদ, জনসংখ্যা নিয়ন্ত্ৰণ আদি বিষয়ৰ আঁত ধৰি প্ৰায়ে মুছলমান আৰু অন্যান্য সংখ্যালঘুৰ বিৰুদ্ধে প্ৰৰোচনামূলক বক্তব্য আগবঢ়াই আহিছে বুলি মন্তব্য কৰে বিৰোধীয়ে।

বিগত সময়ত বিজেপিয়ে সংখ্যালঘু মুছলমানৰ ওপৰত আক্ৰমণাত্মকভাৱে কৰা মন্তব্যৰ অলেখ উদাহৰণ দাঙি ধৰি দেশত ক্ৰমাৎ বিয়পি পৰা সাম্প্ৰদায়িকতাৰ বিষবাষ্প প্ৰতিহত কৰাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে বিৰোধীয়ে। বিধুৰীৰ মন্তব্যক লৈ হোৱা বিতৰ্কই ধৰ্মনিৰপেক্ষতা আৰু সংখ্যালঘুৰ অধিকাৰৰ বিষয়ত বিজেপিৰ স্থিতি পুনৰ উদঙাই  দিয়া বুলি দাবী কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে মোদী চৰকাৰৰ অধীনত ভাৰতত মুছলমান আৰু অন্যান্য প্ৰান্তীয় গোটৰ বিৰুদ্ধে ক্ৰমবৰ্ধমান অসহিষ্ণুতা আৰু হিংসাৰ বিৰুদ্ধে এতিয়া সকলো একত্ৰিত হৈ মাত মতাৰ প্ৰয়োজন।

আনহাতে ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই বিতৰ্কই গণতন্ত্ৰৰ মৰ্যাদা আৰু শিষ্টাচাৰ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত অধ্যক্ষ, সংসদ, সংবাদ মাধ্যম আৰু নাগৰিক সমাজৰ ভূমিকা আৰু দায়িত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। বিজেপিয়ে সুশাসন, উন্নয়ন আৰু নাৰী সৱলীকৰণৰ দল বুলি কৰা দাবীকো প্ৰত্যাহ্বান জনাইছে এই বিতৰ্কই।

একেদৰে বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। বিদেশ ভ্ৰমণৰ পৰা উভতি অহাৰ সময়ত প্ৰায়ে প্ৰধানমন্ত্ৰী মোদীক বিমান বন্দৰৰ পৰা আদৰি আনিবলৈ উপস্থিত হোৱা সাংসদগৰাকীৰ এনে আচৰণক লৈ একো কবলগীয়া নাই নেকি বুলিও বিৰোধী নেতাসকলে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিছে। আনহাতে,  বিগত কিছুদিন ধৰি হিন্দু আৰু মুছলমানৰ মাজত সম্প্ৰীতি আৰু সদ্ভাৱৰ প্ৰয়োজন বুলি কৈ অহা আৰএছএছ প্ৰধান মোহন ভাগৱতেও অৱশ্যে এতিয়ালৈকে বিধুৰীৰ ঘৃণাসূচক ভাষণ সন্দৰ্ভত কোনো মন্তব্য কৰা পৰিলক্ষিত হোৱা নাই।