বুধবাৰে সংসদ ভৱনত ‘কালাৰ স্মোক’ নিৰ্গত কৰাৰ ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সমান্তাৰলভাৱে সমগ্ৰ দেশকেই যেন স্তম্ভিত কৰি তুলিছিল। নতুন সংসদ ভৱনৰ নিৰাপত্তাৰ বেহু ভেদি লগত কিদৰে কেনষ্টাৰ লৈ গৈ সদনত দুজন যুৱকে আতংকৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল, তাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ। ইফালে এই ঘটনাৰ পিছতে আৰক্ষীয়ে সেইদিনাই গ্ৰেপ্তাৰ কৰে এগৰাকী যুৱতীসহ ৪ জন অভিযুক্তক।
পৰৱৰ্তী সময়ত তদন্ত চলাই পুনৰ গ্ৰেপ্তাৰ কৰা হয় আন দুজনক। আৰু ইয়াৰ পিছতে এই ঘটনাৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত কৰা আন এজনে নিজেই থানালৈ গৈ কৰে আত্মসমৰ্পণ। বৃহস্পতিবাৰে থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰা যুৱকজন পেছাত এগৰাকী শিক্ষক, নাম তেওঁৰ ললিত ঝা। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ললিতৰ নেতৃত্বতে সদনৰ ভিতৰে-বাহিৰে ৰঙীন ধোঁৱা বিয়পাই শ্লোগান দি বিক্ষোভ প্ৰদৰ্শন কৰিছিল ৪ যুৱক-যুৱতীয়ে।