ডিজিটেল ডেস্কঃ দেশত এতিয়া হীৰা ব্যৱসায়ীক লৈ ব্যাপক চৰ্চা৷ ২০১০ চনৰ পৰা হীৰাৰ ব্যৱসায় কৰি অহা নীৰৱ মোডীৰ কথাতেই কোৱা হৈছে৷ ৪৮ বছৰীয়া নীৰৱ মোডী বিখ্যাত হীৰা ব্যৱসায়ী৷ ২০১০ চনৰ পৰা গ্ল’বেল হীৰা ব্যৱসায়ী নামেৰে বিখ্যাত নীৰৱ মোডী৷ তেওঁৰ ককা আৰু পিতৃও হীৰাৰ ব্যৱসায়ৰ সৈতে জৰিত আছিল৷ প্ৰথমাৱস্থাত তেঁওলোকৰ বেলজিয়াৰ সৈতে ব্যৱসায়ৰ সম্পৰ্ক আছিল৷
১৯৯৯ চনৰ পৰাই তেঁওলোকৰ ব্যৱসায় বিস্তাৰিত হয়৷ তেঁওৰ পত্নীৰ নাম এমি মোডী আৰু তিনি সন্তানৰ পিতৃ৷ তেঁওৰ পৰিয়ালৰ লোকৰ সৈতে আম্বানী পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক আছে৷ কিয়নো তেওৰ ককায়েক নিশালে আম্বানী পৰিয়ালৰ যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ কিন্তু ২০০৮ চনৰ পৰাই তেওঁৰ বিৰুদ্ধে পঞ্জাৱ নেচনেল বেংকৰ পৰা ভুৱা তথ্যপাতিৰে কোটি কোটি টকা ঋণ লোৱাৰ অভিযোগ উত্থাপন হয়৷