গুৱাহাটীঃ শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰকাশৰ দাবীত সচেতন নাগৰিক মঞ্চ৷ অসমৰ উদ্যোগত শুকুৰবাৰৰপৰা ৰাজ্যজুৰি আৰম্ভ গণ স্বাক্ষৰ অভিযান। গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ সিদ্ধিনাথ শৰ্মাৰ ভৱনত আজি এই গণ স্বাক্ষৰ অভিযানত আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰা হয়।
চন্দন ভট্টাচাৰ্য সভাপতিত্বত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে দয়ানন্দ পাঠক, কনক সেন ডেকা, অভিজিৎ শৰ্মা, জয়কান্ত শৰ্মাৰ প্ৰমুখ্যে বহুসংখ্যক ব্যক্তি। উল্লেখ্য যে, আজি ৰাজ্যৰ মুঠ ৭৮ টা মহকুমাত এই গণ স্বাক্ষৰ অভিযান আৰম্ভ হৈছে।