গুৱাহাটীঃ অনেক ঐতিহ্যৰে ভৰ-পূৰ হোৱা সত্বেও ইংৰাজী আলোচনী ইণ্ডিয়া টুডে গ্ৰুপে অসমক গুৰুত্ব নিদিলে। শেহতীয়াকৈ গুৱাহাটীৰ এখন পঞ্চ তাৰকাযুক্ত হোটেলত কেতবোৰ চৰকাৰী সংস্থাৰ সহযোগত মাইণ্ড ৰক্চ শীৰ্ষক এক ব্যয়বহুল অনুষ্ঠানৰ আয়োজন কৰি তুমুল বিতৰ্কৰ সূত্ৰপাত ঘটোৱা আলোচনীখনে যোৱা এপ্ৰিলত দেশৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰক সামৰি এক বিশেষ পৰ্যটন সংখ্যা প্ৰকাশ কৰে।
আশ্বৰ্যজনকভাৱে আলোচনীখনৰ এই পৰ্যটন বিশেষ সংখ্যাত অসমৰ কামাখ্যা মন্দিৰৰ বাহিৰে আন কোনো পৰ্যটনস্থলীয়ে স্থান লাভ নকৰিলে। কামাখ্যা শক্তিপীঠক আলোচনীখনে এক সমীক্ষা চলাই দেশৰ সবাতোকৈ অধিক পছন্দৰ ধৰ্মীয় পৰ্যটনস্থলী আখ্যা দিছে। সেই অনুসৰি কামাখ্যা শক্তিপীঠে আলোচনীখনত স্থান লাভ কৰিছে। শক্তিপীঠখন বিষয়ক কিছু বৰ্ণনাৰ লগতে ইয়াৰ আলোকচিত্ৰৰ প্ৰকাশ পাইছে।