বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ জনসাধৰণৰ জীৱন সম্পত্তি ৰক্ষাৰ বাবে কেতিয়া সাৰ পাব চৰকাৰ৷ এয়া এক বৰ্তমান সময়ৰ ডাঙৰ প্ৰশ্ন৷ প্ৰতিদিনে পাহাৰীয়া জিলা খনত হাতীৰ আক্ৰমণত ইজনৰ পিছত সিজন লোকৰ মৃত্যু হৈ আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ প্ৰতিদিনে মানুহ মাৰি, ঘৰ-দুৱাৰ ভাঙি, খেতি পথাৰ নষ্ট কৰি আহিছে যদিও খবৰ লওঁতা কোনো নাই৷

এতিয়া শ-শ পৰিয়ালে উজাগৰী নিশা কটাবলগীয়া হৈছে৷ জীৱন আৰু সম্পত্তি, সন্তানৰ চিন্তাত এতিয়া দিন পাৰ কৰিব লগা হৈছে জনসাধৰণে৷ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰাৰ খবৰ এতিয়া সহজ ঘটনাত পৰিণত হৈছে৷ প্ৰতিদিনে মানুহ ঘৰ অথবা কৃষি পথাৰত সন্ত্ৰাস চলাই সাধাৰণ কৃষকৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীৰ জাকে৷

বুধবাৰে নিশা পুনৰ হাতী মানুহৰ সংঘাতৰ ফলত প্ৰাণ গ'ল এগৰাকী ৬০ বছৰীয়া বৃদ্ধাৰ৷ বোকাজান মহকুমাৰ বোকাজান বন সংমণ্ডলৰ অধীনৰ বৰজান পৰিষদীয় সমষ্টিৰ চচিৰাম বস্তিৰ বাসিন্দা ৰাধিকা মলিক (৬০) নামৰ এগৰাকী বৃদ্ধাই পুৱতি নিশা বন্যহস্তীৰ আক্ৰমণত মৃত্যুক কোৱালি লয়৷ কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত চচিৰাম বস্তিৰ বাসিন্দা ৰাধিকা মলিক আৰু তেওঁৰ স্বামী নাৰায়ণ মলিকে বিগত ৩০ বছৰ ধৰি খেতি কৰি জীৱন নিৰ্বাহ কৰি বসতি কৰি আহিছিল৷

পুৱতি নিশা প্ৰায় ৩ বজাত দুয়ো নিজ বাসগৃহত শুই থকা অৱস্থাত বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে তেওঁলোকৰ গৃহ সম্পূৰ্ণৰূপে ভাঙি তচনচ কৰাৰ লগতে বন্যহস্তীটোৱে ৰাধিকা মলিকক উপৰ্যুপৰি আক্ৰমণ কৰাত বৃদ্ধাগৰাকীয়ে ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লয়৷ বন্যহস্তীটোৱে ৰাধিকা মলিকক আক্ৰমণ কৰাৰ উপৰিও তেওঁৰ স্বামী নাৰায়ণ মলিককো আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে৷ উল্লেখ্য যে বন্যহস্তীটোৱে ৰাধিকা মলিকক আক্ৰমণ কৰাৰ আগমূহুৰ্তত অঞ্চলটোৰ আন তিনিটা বাসগৃহত আক্ৰমণ কৰাৰ লগতে বাসগৃহসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰে৷