Home ৰাজ্যকোনে সুৰক্ষা দিব কাৰ্বি আংলঙৰ দৰিদ্ৰ কৃষকক, এইবাৰ বৃদ্ধাৰ প্ৰাণ ল’লে হাতীয়ে

কোনে সুৰক্ষা দিব কাৰ্বি আংলঙৰ দৰিদ্ৰ কৃষকক, এইবাৰ বৃদ্ধাৰ প্ৰাণ ল’লে হাতীয়ে

by News Desk
57 views
A+A-
Reset

বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ জনসাধৰণৰ জীৱন সম্পত্তি ৰক্ষাৰ বাবে কেতিয়া সাৰ পাব চৰকাৰ৷ এয়া এক বৰ্তমান সময়ৰ ডাঙৰ প্ৰশ্ন৷ প্ৰতিদিনে পাহাৰীয়া জিলা খনত হাতীৰ আক্ৰমণত ইজনৰ পিছত সিজন লোকৰ মৃত্যু হৈ আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ প্ৰতিদিনে মানুহ মাৰি, ঘৰ-দুৱাৰ ভাঙি, খেতি পথাৰ নষ্ট কৰি আহিছে যদিও খবৰ লওঁতা কোনো নাই৷

এতিয়া শ-শ পৰিয়ালে উজাগৰী নিশা কটাবলগীয়া হৈছে৷ জীৱন আৰু সম্পত্তি, সন্তানৰ চিন্তাত এতিয়া দিন পাৰ কৰিব লগা হৈছে জনসাধৰণে৷ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰাৰ খবৰ এতিয়া সহজ ঘটনাত পৰিণত হৈছে৷ প্ৰতিদিনে মানুহ ঘৰ অথবা কৃষি পথাৰত সন্ত্ৰাস চলাই সাধাৰণ কৃষকৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীৰ জাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0