প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | চাবুৱাঃ বহনক্ষম উন্নয়ন শক্তি নামৰ অনুষ্ঠানটোৰ সাধাৰণ সম্পাদক নিৰন্ত গোহাঁয়ে দাবী কৰা মতে, ডিব্ৰু-ছৈখোৱাৰ বিখ্যাত পক্ষী ক্ষেত্ৰ মাগুৰি-মতাপুং বিলত ১৫ টাতকৈও অধিক বনৰীয়া ম’হৰ মৃত্যু হৈছে৷

যোৱা ১৫টা দিনৰ ভিতৰত ডিব্ৰু-ছৈখোৱাৰ বিখ্যাত পক্ষী ক্ষেত্ৰ মাগুৰি-মতাপুং বিলত পানী বৃদ্ধি হোৱা ১৫ টাতকৈও অধিক বনৰীয়া ম’হৰ মৃত্যু হোৱা বুলি দাবী কৰি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে৷ 

এক বিবৃতি যোগে বহনক্ষম উন্নয়ন শক্তি নামৰ অনুষ্ঠানটোৰ সাধাৰণ সম্পাদক কয় যে বিলখনৰ মাজেৰে বৈ যোৱা ডিব্ৰু নৈত মেটেকা উটি আহি ডিব্ৰু-ছৈখোৱাৰ বিখ্যাত পক্ষী ক্ষেত্ৰ মাগুৰি-মতাপুং বিল পুতি পেলায়। মেটেকাৰ ওপৰেৰে বনৰীয়া ম’হবোৰ পাৰ হ’বলৈ খোজেতেই মেটেকাত আবদ্ধ হৈ পৰে। 

ফলত এতিয়ালৈ বহু বনৰীয়া ম’হৰ মৃত্যু হৈছে৷ মেটেকাবোৰে কাষৰীয়া গাওঁবাসীৰ খেতি-পথাৰো পুতি পেলোৱাৰ লগতে মাছৰো মৃত্যু হৈছে বুলি দাবী কৰে সংগঠনটোৱে৷ এতিয়ালৈকে চৰকাৰ তথা প্ৰশাসনে ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি কৈ বনমন্ত্ৰীক শীঘ্ৰে উক্ত ঠাই পৰিদৰেশন কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷

বিধায়ক প্ৰশাসনক শীঘ্ৰে ঘটনাস্থলীত পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰি স্থানীয় দৰিদ্ৰ লোকৰ খেতি পথাৰ আৰু বনৰীয়া মহক উদ্ধাৰ কৰিবলৈ দাবী জনায়। যিসকল লোকে যোৱা কেইবাদিন ধৰি মেটেকা চাফ কৰিছে সেই লোকসকলক মজুৰি প্ৰদান কৰাৰ লগতে বন নীতি অনুসৰি মৃত ম’হবোৰৰ উদ্ধাৰ কৰি সৎকাৰ কৰাৰ দাবী জনায় চৰকাৰক। 

কাজিৰঙাৰ দৰে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বহনক্ষম উন্নয়ন শক্তিয়ে। যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে বহনক্ষম উন্নয়ন শক্তিয়ে ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে৷