কাজলগাঁওঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ৰুণীখাটা বৰ্মণপাৰাত এটি গুলীবিদ্ধ বনৰীয়া হাতীৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

গড়, হাতী আদিৰ হত্যা বন্ধ কৰাৰ প্ৰতিশ্ৰতি দি চৰকাৰ গঠন কৰা বিজেপিয়ে গড়, হাতী হত্যা বন্ধ কৰাত বিফল হোৱাৰ অভইযোগ উঠিছে৷ বিগত প্ৰায় এমাহ ধৰি গুলিবিদ্ধ অৱস্থাত ৰুণীখাটাৰ দেওশ্ৰী বিট কাৰ্যালয়ৰ অন্তৰ্গত বৰ্মণপাৰাত গাঁৱত হাতীটোৱে গুলীবিদ্ধ অৱস্থাত অহা-যোৱা কৰি আছিল৷

জানিব পোৱা মতে গাঁওবাসীয়ে খাদ্যৰো যোগান ধৰিছিল হাতীটোক৷ বন বিভাগক গাঁওবাসীয়ে জনাইছিল যদিও  গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ ১৮ জুনত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চিকিৎসকৰ দলে চিকিৎসাৰ বাবে ট্ৰেংকুলাইজ কৰি চিকিৎসা কৰিছিল যদিও পিছদিনা অৰ্থাৎ ১৯ জুনত হাতীটোৰ কৰুণ মৃত্যু ঘটে।

হাতীটোৰ মৃত্য স্বাভাৱিক আছিল বুলি চিৰাং বন সংমণ্ডল কাৰ্যালয়ে প্ৰকাশ কৰিছিল যদিও আজি দেউশ্ৰী বিট বিষয়া ৰাজীৱ দত্তই  হাতীটো গুলিবিদ্ধ আছিল বুলি প্ৰকাশ কৰে। বিভাগে পলমকৈ খবৰ পোৱাৰ পিছত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চিকিৎসক আৰু চিকিৎসা সামগ্ৰী আনি চিকিৎসা কৰাৰ পিচত মৃত্যু হয় হাতীটোৰ।