গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ সমীপৰ ৰাণীৰ পাটগাঁৱত তিনি পূৰ্বে এটি এমহীয়া হাতী পোৱালি উদ্ধাৰ হোৱাৰ পিছতে শনিবাৰে মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰত ৰেলৰ খুন্দাত দুটা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত৷ ৰাজ্যত হাতী-মানুহৰ সংঘাট অব্যাহত থকাৰ সময়তে শনিবাৰ নিশা প্ৰায় ২ বজাত গুৱাহাটী মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰত অৱধ আছাম এক্সপ্ৰেছৰ খুন্দাত হাতী দুটাৰ মৃত্যু হয়৷ জানিব পৰা মতে, খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা বৃহৎ হাতীৰ জাক ওলাই আহি চন্দ্ৰপুৰৰ জনবসতি এলেকাত বিচৰণ কৰে৷
যোৱা ২৪ ঘন্টা ধৰি হাতীৰ জাকটোৱে বিচৰণ কৰাত আতংকিত হৈ পৰে ৰাইজ৷ নিশা প্ৰায় ২ বজাত হাতীৰ জাকটোৱে ৰেল পথ পাৰ হোৱাৰ সময়তে ঠাকুৰকুছি ষ্টেছনৰ সমীপত এই ঘটনা সংঘটিত হয়৷