51
খেৰণিঃ ২৭ জুলাইৰ পুৱাই হলিনছন ইংলেং (২৫) আৰু মনিকা চিংথংপিয়ে (২০) নামৰ এহাল নৱ বিবাহিত দম্পতীৰ প্ৰাণ কাঢ়িছিল পথত পৰি থকা বিদ্যুতৰ তাঁৰে।
পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেং থানাৰ অন্তৰ্গত উমখ্ৰেমিত সংঘটিত এই ঘটনাই জিলাখনত তীব্ৰ সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ পুৱাই ঝুম খেতি চাবলৈ আহি গড়কাপ্তানি পথত ছিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি দুয়োৰে অকাল মৃত্যু হৈছিল৷