newsnextone.com | গোৰেশ্বৰ/তামুলপুৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ নাগ্ৰীজুলি বন সংমণ্ডলৰ অন্তৰ্গত গইবাৰীত শনিবাৰে নিশা এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। বন বিভাগৰ মতে, প্ৰায় ১২ বছৰ বয়সৰ হাতীটো প্ৰায় ৭-৮ ফুট উচ্চতাৰ আছিল। হাতীটোৰ মৃত্যুৰ খবৰ লাভ কৰাত নাগ্ৰীজুলি আৰক্ষী, এচএচবিৰ নাগ্ৰীজুলি কেম্প, গোৰেশ্বৰ খণ্ড বন বিষয়া এম ৰহমান, ঢেঁকীপোতা বন বিভাগৰ কৰ্মচাৰী উপস্থিত হয়।
স্থানীয় ৰাইজে জনোৱা মতে, হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ অঞ্চলটোত একাংশ লোকে বাঁহৰ খুঁটাত বিদ্যুত সংযোগ কৰি ৰাখে। স্থানীয় লোকে সন্দেহ কৰা মতে বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৱে মৃত্যু মুখত পৰে।