শুক্লাইঃ ৰাজ্যত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে কৃষি পথাৰ অনিষ্ট কৰাৰ লগতে মানুহৰ ঘৰ-দুৱাৰ ভাঙি অনিষ্ট কৰি আহিছে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত৷
ঘৰ-দুৱাৰ, খেতি-পথাৰ, ভঁৰালৰ ধান আদি খাই তহিলং কৰি প্ৰতি নিশাই তাণ্ডৱ চলাই আহিছে ভূটান পাহাৰ আৰু বৰনদী অভয়াৰণ্যৰ পৰা জাকে জাকে নামি অহা বনৰীয়া হাতীয়ে৷ বুধবাৰে নিশাও শুক্লাইৰ উত্তৰ নাওবান্ধা গাঁৱত বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি ৮টাকৈ পৰিয়ালৰ ঘৰ ভাঙি পেলায়৷