চামগুৰিঃ ৰাজ্যত আজিও অব্যাহত আছে হাতী মানুহৰ সংঘাত৷ প্ৰতিদিনে ৰাজ্যৰ কোনোবা নহয় কোনোবা ঠাইত হাতী মানুহৰ সংঘাট হৈ হোৱাৰ খবৰ প্ৰচাৰ হয়৷ যাৰ ফলত ৰাজ্য খনৰ ব্যাপক ধন-জনৰ ক্ষতি হৈ আহিছে৷ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকে দৰিদ্ৰ কৃষকৰ খেতি বাতি-ঘৰ বৰ-ভাঙি নষ্ট কৰাৰ লগতে বহু লোকৰ প্ৰাণ লয়৷ যাৰ ফলত হাতী আৰু মানুহৰ সঁগাট হয়৷
সময়ে সময়ে হাতীৰো প্ৰাণ গৈ আহিছে৷ তাৰ মাজতে ৰাজ্যত বহুদিন ধৰি বাহৰ পাতি আছে প্ৰকৃতিপ্ৰেমী সংগঠন “নেচাৰ এণ্ড ৱাইল্ড লাইফ”ৰ বহু কৰ্মকৰ্তা৷ তেওলোকে অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি হাতী-মানুহৰ সংঘাত কেনেদৰে নিৰ্মুল কৰিব পৰ যায় তাৰ পৰামাৰ্শ দি আহিছে৷