গুৱাহাটীঃ খাদ্যৰ সংকটত ব্ৰহ্মপুত্ৰত উটি আহিল প্ৰায় ৪০ টাকৈ অধিক ম’হ। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত উটি অহা পশুধন কেইটা প্ৰথমে প্ৰত্যক্ষ কৰে এন.ডি.আৰ.এফে। তাৰ পাছত এন.ডি.আৰ এফৰ তৎপৰতা মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰৰ সমীপত ব্ৰহ্মপুত্ৰৰ বুকুত উটি অহা ৪০ টাকৈ ম’হ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, উটি অহা ম’হৰ জাকটোৰ ভিতৰত বহুকেইটা পোৱালিও আছে। এ.ডি.আৰ.এফৰ কৰ্তৃিপক্ষই জানিবলৈ দিয়া অনুসৰি উজানবজাৰৰ ঘাটৰ সমীপত ম’হ কেইটা দেখা মাত্ৰকে তেওঁলোকে উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল। প্ৰায় এক ঘণ্টাৰ চেষ্টাৰ পাছত পাৰত তুলিবলৈ সক্ষম হয় ম’হৰ জাকটো।