নতুন দিল্লীঃ বাবৰি মছজিদ ধ্বংসৰ গোচৰত বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানিকে ধৰি অনান্য ১৩ জনৰ ওপৰত অপৰাধী বিচাৰ চলিব নে নাই, সেই বিষয়য়ে আজি শুনানী আৰম্ভ কৰিছে উচ্চতম ন্যায়ালয়ে। কেৱল আদৱানিয়ে নহয় বৰ্ষীয়ন নেতা মুৰুলী মনোহৰ যোশী আৰু কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীকে ধৰি আন কেইবাগৰাকী আগশাৰীৰ বিজেপি তথা হিন্দুত্ববাদী সংগঠনৰ নেতাক বিচাৰৰ আওতালৈ অনা হ'ব নে নাই সেই সন্দৰ্ভত ন্যায়ালয়ে ৰায়দান আৰম্ব কৰিছে। 

এই বিষয়ত নিজৰ প্ৰতিবেদনো দাখিল কৰিবলগা কেন্দ্ৰীয় অনুসন্ধান আয়োগৰ পৰামৰ্শ অনুযায়ী কেউজন নেতাৰ ওপৰতে অপৰাধমূলক বিচাৰ চলিব লাগে। জানিবপৰা মতে চিবিআইয়ে আদালতত এই কথা কৈছে যে ইতিমধ্যে ৰায়বৰেলীত ৫৭ জনকৈ লোকৰ সাক্ষ্য লোৱা হৈছে। তদুপৰি ২১ জনকৈ অভিযুক্তৰ ক্ষেত্ৰত আৰোপ উঠাই লোৱা হৈছে বুলি চিবিআইয়ে কৈছে। 

উল্লেখ্য যে বিষয়টো সন্দৰ্ভত শুনানিৰ প্ৰক্ৰিয়া বুধবাৰে সম্পন্ন কৰাৰ কথা আছিল যদিও সৰ্বোচ্চ ন্যায়ালয়ে সেই শুনানিৰ বৃহস্পতিবাৰলৈ স্থগিত ৰাখে ।মন কৰিবলগীয়া যে বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ বিচাৰ-প্ৰক্ৰিয়া লেহেমীয়া হোৱাক লৈ চলিত মাহৰ আৰম্ভণিতে তীব্ৰ অসন্তুষ্টি সৃষ্টি হৈছিল যদিও বিষয়টো স্পৰ্শকাতৰ হোৱা হেতুকে কোনোধৰণৰ ক্ৰটি যাতে নাথাকে তাৰবাবে কোনো ন্যায়ালয়ে কোনোধৰণৰ লৰালৰি কৰিব নিবিচাৰে বুলি স্পষ্ট কৰি দিছিল উচ্চতম ন্যায়ালয়ে।