মৰিগাঁওঃ মৰিগাওঁ জিলাৰ ভূৰবন্ধাত যোৱা নিশা দুজন বয়োবৃদ্ধক একাংশ উন্মত্ত লোকে ডাইনী সজাই অত্যাচাৰ চলোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, ভূৰবন্ধা বজাৰৰ সমীপৱৰ্তী অঞ্চলৰ সোণমণি বৰদলৈ নামৰ এগৰাকী মহিলাই বিগত কেইমাহ মানৰ পৰা নিজকে “আই” বুলি পৰিচয় দি বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান কৰি আহিছিল।

যোৱা নিশা আই পৰিচয় দি অহা উক্ত মহিলাগৰাকীয়ে একাংশ গাঁওবাসীৰ আগত গাওঁখনৰ ভেৰু বৰদলৈ আৰু অঞ্জলি বৰদলৈ নামৰ লোক দুজনক ডাইনী, তেওঁলোকে ভূত পোহে, তেওঁলোকৰ বাবেই গাওঁখনত নানান অসুখ-অশান্তিৰ সৃষ্টি হৈছে আদি নানা উচতনিমূলক কথা প্ৰকাশ কৰে। এই কথা শুনিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'ডিজিটেল ইণ্ডিয়া’ত বসবাস কৰা একাংশ চূড়ান্ত অন্ধবিশ্বাসী, বিবেকহীন, এলান্ধুকলীয়া মনৰ লোকে সত্তৰোৰ্ধৰ লোক দুজনক নিজ নিজ ঘৰৰ পৰা জোৰ-জুলুমকৈ টানি বাহিৰলৈ লৈ আনে।

অঞ্জলি বৰদলৈক ডাইনী তথা ভূত পোহা বুলি বাঢ়নীৰে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ বিপৰীতে ভেৰু বৰদলৈকো চৰ, ঘোচা আদি দি ঘৰৰ পৰা কাপোৰ আদি উলিয়াই আনি জ্বলাই দি বন্য উল্লাসত মত্ত হৈ পৰে। এই ঘটনাৰ খবৰ পাই মৰিগাঁও সদৰ আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ লোক বৃদ্ধ-বৃদ্ধা হালক উদ্ধাৰৰ চেষ্টা চলায়।

কিন্তু একাংশ লোকে আৰক্ষীৰ গাড়ীত আক্ৰমণ চলোৱাৰ লগতে আৰক্ষীৰ লোকসকলকো আক্ৰমণৰ লক্ষ্য কৰি লয়। আৰক্ষীয়ে উন্মত্ত জনতাৰ কবলৰ পৰা কোনোমতে আত্মৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ লগতে আক্ৰান্ত লোক দুগৰাকীকো উদ্ধাৰ কৰি থানালৈ লৈ আহে।

অৱশ্যে বাতৰি লিখা পৰ্যন্ত লজ্জাজনকভাৱে আক্ৰমণকাৰীসকলৰ এজনকো আৰক্ষীয়ে আটক কৰিবলৈ সমৰ্থ হোৱা নাই। ইফালে আজি দুপৰীয়া অঞ্চলটোত প্ৰশাসন আৰু আৰক্ষীৰ এটি দল উপস্থিত হৈ এখন শান্তি কমিটি গঠন কৰি দিয়ে যদিও অদ্যপি অঞ্চলটোৰ উন্মত্ত জনতা শান্ত হোৱা নাই। এনে পৰিপ্ৰেক্ষিতত বৰ্তমানো আৰক্ষী থানাতে আশ্ৰয় লৈ থকা বৃদ্ধ দুগৰাকীৰ নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল। ৰাজ্যৰ শাসনাধিষ্ঠিত চৰকাৰখনে এবছৰীয়া সফলতাৰ জয়ঢোল কোবাই থকাৰ সময়তে সংঘটিত এই ঘটনাক বিভিন্ন মহলে গৰিহণা দিছে।