মোৰাঝাৰঃ অসমৰ সংখ্যালঘুক লৈ ৰাজনীতি কৰি অহা আজমল পৰিয়াল সঁচাকৈ সংখ্যালঘুৰ ক্ৰাণকৰ্তা নে? সংখ্যালঘুৰ সমস্যাক লৈ তেওঁলোকে মূৰ ঘমাই নে৷ এটুপি খোৱা পানীৰ পৰা দেহ ঢাকিবলৈ বস্ত্ৰ টুকুৰাৰ বাবে সংখ্যালঘুৱে সংগ্ৰাম কৰিব লগা হয়৷ শিক্ষাৰ কথা কলে হয়তো সংখ্যালঘু অঞ্চলত আজিও শতকৰা ১০ গৰাকী শিক্ষিত লোক নোলাব৷ স্বাস্থ্য সেৱাৰ নামত সংখ্যালঘু অঞ্চলত কি হৈ আছে সেয়াও নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।
আজিও সংখ্যালঘু অঞ্চলৰ লোকে বেজ, কবিৰাজ আদিৰ কাষ চাপি আহিছে। আনকি খোদ সংখ্যালঘুৰ ক্ৰাণকৰ্তা বুলি দাবী কৰা জনেই বিশাল সভাত ৰাইজক পানী জাৰি দিয়ে৷ ডি-ভোটাৰ, বিদেশী সমস্যা, বান-গৰাখহনীয়া আদি সমস্যাবোৰ আছেই৷