খেৰণিঃ প্ৰতিখন বিদ্যালয় সুন্দৰ কৰাৰ প্ৰতিশ্ৰতি দিয়া চৰকাৰখনে গ্ৰাম্যঞ্চলৰ বিদ্যালয়সমূহক গুৰুত্ব আৰোপ কৰিছে নে৷ কৰ্তব্যত গাফিলতি কৰা শিক্ষকৰ খতিয়ান লৈ চমক সৃষ্টি কৰা বিয়াগোম শিক্ষা বিভাগে গ্ৰাম্যঞ্চলৰ বিদ্যালয়ত কি ঘটিছে খবৰ লোৱাৰ আহৰি নাই?
শিক্ষাখণ্ডৰ উন্নয়মৰ নামত এদিন মাত্ৰ গুৱাহাটী মহানগৰত শিক্ষকক কোঠাত বহুৱাই চমক সৃষ্টি কৰি দায়িত্ব সামৰিলে নেকি শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দুৰ্গম আৰু স্পৰ্শকাতৰ এলেকাসমূহত আজিও চৰকাৰৰ দৃষ্টিৰ পৰা ৰৈ গৈছে বহু বিদ্যালয়৷ পশ্চিম কাৰ্বি আংলঙৰ খান্দুলি-লাংহেমফি-ৰংপাংবং আদি ঠাইত জৰাজীৰ্ণ অৱস্থাত একাধিক চৰকাৰী কাৰ্যালয়ৰ তলাবন্ধ অৱস্থাত থকা পৰিলক্ষিত হৈছে৷