68
টিংখাংঃ বোপাই হত এইখনত এতিয়া ভূতে বাস লৈছে৷ ৰাতিটো দুৰৰ কথা দিনতে মানুহ নাহে৷ ১৯৮৯ চনতে বনাইছিলে এইখন, কেই দিন মান এজন লোক আছিল তাৰ পাছৰ পৰা এই খনত মানুহ নাই৷ ভূতে বাস কৰিছে এতিয়া ভূতে৷
এগৰাকী জ্যেষ্ঠ লোকে এনেদৰে কটুক্তি কৰে পশু পালন আৰু পশু চিকিৎসা বিভাগক৷ হয়, ৰাজ্যৰ এখন পশু চিকিৎসালয়ত ভূতে বাস কৰা বুলি কটুক্তি কৰিয়েই ক্ষান্ত নাথাকি লোকগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি আমাৰ বাবে চৰকাৰে নাভাবে বুলি কয়৷