টেঙাখাটঃ ৰাজ্যৰ দৰিদ্ৰ, সৰ্বহাৰা, খাটিখোৱা লোকৰ ছাত্ৰ-ছাত্ৰীৰ হিতৰ বাবে ৰাজ্য কোনো চৰকাৰে গুৰুত্ব প্ৰদান কৰে৷ সেই কথা গ্ৰাম্য অঞ্চলৰ শিক্ষা অনুষ্ঠানৰ পৰিৱেশ প্ৰত্যক্ষ কৰিলেই ওলাই পৰিব৷ আজিও গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ ১৫-২০ বছৰ ধৰি একো-একোটা বিষয়ত শিক্ষক নাই৷
শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষাজগতলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব বিচাৰিলেও গ্ৰাম্য এলেকাৰ বিদ্যালয়ক তেনে পৰিৱৰ্তনৰ সৈতে সাঙুৰি লব পৰা নাই৷ শিক্ষা বিভাগক সংস্কাৰৰ অৰ্থে পালন কৰা গুণোৎসৱৰ জৰিয়তে চৰকাৰী বিদ্যালয়সমূহৰ মানদণ্ড নিৰূপন কৰিছে যদিও গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ প্ৰকৃত ছবিখন দিছপুৰত শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থকা চৰকাৰৰ লোকে অৱগত নহয়