গোৱালপাৰাঃ ৰাজহুৱা শৌচালয়ে যমৰ-যাতনা ভোগাইছে গোৱালপাৰাৰ জলেশ্বৰ টাউনত৷ টাউনত সমবেত লোকে মুকলিতে শৌচ-প্ৰস্ৰাৱ কৰাৰ পৰিবৰ্তে স্বচ্ছ পৰিবেশ গঢ়াৰ বাবে ৰাজহুৱা শৌচালয় নিৰ্মাণ কৰিছিল জলেশ্বৰ গাঁও পঞ্চায়ত কৰ্তৃপক্ষই৷ প্ৰায় তিনি বছৰ পুৰ্বে ২০১৩-১৪ বৰ্ষত জলেশ্বৰ গাঁও পঞ্চায়তৰ সচিব ৰেজাউল ইছলাম আৰু সভাপতি শ্বৰিফুল ইছলামে টিএফচি আঁচনিৰ অধীনত তিনি লাখ পঞ্চাশ হাজাৰ টকা খৰছ কৰি জলেশ্বৰ বজাৰত নিৰ্মাণ কৰে ৰাজহুৱা শৌচালয়৷
আশ্বৰ্যৰ বিষয় এই যে তিনি লাখ পঞ্চাশ হাজাৰ টকাৰে নিৰ্মাণ কৰা শৌচালয়ত মল-মূত্ৰ জমা হোৱাৰ বাবে নিৰ্মাণ কৰা নাছিল টেংকী৷ ফলত ৰাইজে শৌচ-প্ৰস্ৰাৱ কৰিলে শৌচালয়ৰ পাছফালৰ ফুটাৰে মুকলি ঠাইত পৰে৷ মুকলি ঠাইত জমা হোৱা মল-মূত্ৰৰ পৰা এতিয়া সৃষ্টি হৈছে অসহ্যকৰ দূৰ্গন্ধ আৰু দূষিত পৰিবেশ৷ ফলত স্থানীয় ৰাইজে জ্বলা-কলা খাবলগীয়া হৈছে৷