
ডিজিটেল ডেস্কঃ স্বচ্ছ ভাৰত অভিযানক বঢ়া আঙুলি দেখুৱাই বিহাৰত আজিও মুকলিতে মল-মূত্ৰ ত্যাগ কৰি আহিছে শ শ লোকে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানে ঢুকি পোৱা নাই বিশেষকৈ বিহাৰক৷ তাৰ মাজতে ৰাজ্য খনৰ এগৰাকী মহিলাই শৌচাগাৰ নিৰ্মাণৰ দাবীত এজাহাৰ দাখিল কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে৷
লাজ-অভিমান কাটি কৰি এখন ঘৰৰ বোৱাৰীয়ে নিতৌ মল-মূত্ৰ ত্যাগ কৰিবলৈ যাব লগা হয় হাবি-জংঘলৰ মাজত৷ মহিলাগৰাকীয়ে শৌচগাৰ নিৰ্মাণ কৰাৰ দাবী জনাই আহিছিল স্বামী, দেওৰ, শাহু-শাহুৰক৷ শহুৰ-শাহুৱেকে ইচ্ছা প্ৰকাশ কৰা নাছিল শৌচাগাৰ নিৰ্মাণৰ বাবে৷ শহুৰ-শাহুৱেকক শৌচাগাৰ নিৰ্মাণ কৰাৰ কথা কৈ কৈ ভাগৰি পৰি অৱশেষত আৰক্ষীৰ ওচৰ চাপিল বোৱাৰী৷
শহুৰ-শাহুক এশিকনী দিবলৈ এজাহাৰ দিয়ে বোৱাৰীয়ে৷ ইতিমধ্যে শাহুৱেকক আটক কৰিছে আৰক্ষীয়ে৷ এই ঘটনা সংঘটিত হৈছে বিহাৰৰ মোজাফ্ফৰ নগৰৰ নেউৰা গাঁৱত৷ মোজাফ্ফৰ নগৰৰ মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীয়ে লিখিত অভিযোগ দিয়া বুলি কয়৷ শহুৰৰ পৰিয়ালত শৌচাগাৰ নথকাত বাৰে বাৰে শৌচাগাৰ নিৰ্মাণ কৰিবলৈ জোৰ দি বিফল হোৱাত বোৱাৰীগৰাকীয়ে এই পদক্ষেপ লবলৈ বাধ্য হোৱা বুলি কয় মহিলা আৰক্ষীয়ে৷ শহুৰ-শাহুৰ বিৰুদ্ধে যুজ দি অৱশেষত সফলো হল মহিলাগৰাকীয়ে৷ শাহু-শহুৰে শীঘ্ৰে শৌচাগাৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াত ক্ষান্ত হ’য় বোৱাৰী৷