তামুলপুৰঃ তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ এগৰাকী ২৪ নং আইআৰবিএনৰ কৰ্মৰত আৰক্ষী জোৱানক সোমবাৰে নিশা প্ৰায় ৯.৩০ বজাত কুমাৰীকাটাৰ বাঁহবাৰীৰ ৰফিদা বেগম (৩৭) নামৰ এগৰাকী মহিলাই আক্ৰমণ কৰে।
জানিব পৰা মতে, নিশা বাহবাৰী গাঁৱত এখন চুৰি ২২০ পালচাৰ বাইকৰ বাবে জামালুদ্দিন আহমেদ নামৰ লোকজনে জেহাউল ৰহমান নামৰ যুৱক জনৰ সৈতে তৰ্ক-বিতৰ্ক লাগি থকা সময়তে কুমাৰীকাট আৰক্ষী চকীৰ এটা আৰক্ষী দল তদন্ত কৰিব’লৈ ঘটনাস্থলীত উপস্থিত হয়৷ সেই সময়ত ব্যক্তি দুজনৰ মাজত তৰ্ক বিতৰ্ক লাগি থকাত কৰ্মৰত আৰক্ষী অলকেশ লহকৰ নামৰ বেটেলিয়ান জনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব যোৱাৰ সময়তে ৰফিদা বেগম নামৰ মহিলা গৰাকীয়ে এখন চোকা কটাৰীৰে আৰক্ষী জোৱানগৰাকীক আক্ৰমণ কৰাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।