লংকাঃ লংকাৰ ভালুকমাৰীত শনিবাৰে নিশা অনিমা দাস নামৰ এগৰাকী বোৱাৰীয়ে পাকঘৰত কাম কৰি থকাৰ সময়ত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লবলগীয়া হোৱা ঘটনাই সমগ্ৰ লংকাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শংকৰদেৱ নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ভালুকমাৰীৰ মৃণাল দাসৰ পত্নী অনিমা দাস যোৱা নিশা অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আকোৱালি লয়।
মৃণাল দাসৰ মাতৃয়ে জানিবলৈ দিয়া মতে নিশা পাকঘৰত ভাত ৰান্ধি থাকোতে আকস্মাতে অগ্নিদগ্ধ হয় অনিমা দাস। পৰিয়ালৰ লোকে অগ্নিনিৰ্বাপনৰ চেষ্টা চলায় যদিও তেতিয়ালৈকে মৃত্যুক আকোঁৱালি লৈছিল মৃত অনিমা দাসে। স্বামী গৃহৰ লোকে এয়া এক দুৰ্ঘটনা বুলি আখ্যা দিছে যদিও অনিমাৰ পিতৃ গৃহৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে অভিযোগ উত্থাপন কৰিছে।