নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবিত শনিবাৰে এগৰাকী মহিলাই  চিপ লৈ আত্মহত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় লোকে মহিলা গৰাকীৰ আত্মহত্যাৰ বাবে বটদ্ৰৱা আৰক্ষীক জগৰীয়া কৰি আৰক্ষীৰ সন্মুখতেই মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। মৃত মহিলা গৰাকী জায়েদা বেগম বুলি জানিব পৰা গৈছে।

কিয় আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ জনতা? 

স্থানীয় লোকসকলে জনোৱা মতে, মৃত মহিলাগৰাকীয়ে দুদিন পূৰ্বে  নিজ স্বামী মমতাজ আলীৰ বিৰুদ্ধে মাদক দ্ৰব্য সেৱন কৰি নানান অত্যাচাৰ কৰাৰ লগতে কদমনিৰ হিফজুৰ ৰহমান নামৰ ড্ৰাগছ মাফিয়াৰ লগত ড্ৰাগছ সেৱন কৰি মটৰ চাইকেল বিক্ৰী কৰাৰ অভিযোগ তুলি বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু বটদ্ৰৱা আৰক্ষীয়ে মমতাজ আলী আৰু হিফজুৰ ৰহমানৰ  বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই মহিলাগৰাকীয়ে আত্মহত্যাৰ পথ বাচি লৈছে বুলি স্থানীয় ৰাইজে ক্ষোভ ব্যক্ত কৰিছে।

ঘটনা স্থলীত নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক মানস শ‌ইকীয়া আৰু ধিং ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰে। পৰবৰ্তী সময়ত  মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

মাদক দ্ৰব্যৰ বিৰুদ্ধে মাত মাতি এগৰাকী মহিলাই মৃত্যুক সাবটিবলগীয়া হোৱা ঘটনাক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে ঘটনাৰ সঠিক তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনোৱাৰ লগতে বটদ্ৰৱা আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানও সমগ্ৰ অঞ্চলজুৰি অব্যাহত আছে চেপা উত্তেজনা।