স্থানীয় সাংবাদ @ নগাঁও জিলাৰ জুৰীয়া খৰঙী গাঁওৰ বিশিষ্ট ধৰ্মপ্রাণ মহিলা , সমাজকৰ্মী জয়মতী বৰাই(৮০) আজি পুৱা ৭:১৫ বজাত ইহলীলা সম্বৰণ কৰে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত মহিলা গৰাকী খৰঙী গাঁও মহিলা সমিতি, খৰঙী গাঁও নামঘৰ আদিৰ লগত জড়িত থকাৰ লগতে সমগ্ৰ জুৰীয়া অঞ্চলৰে এগৰাকী আগশাৰীৰ নামতি আছিল।
প্ৰয়াত প্ৰধান শিক্ষক আদিৰাম বৰাৰ পত্নী জয়মতী বৰাই সমাজখনক আগুৱাই নিয়াত বিভিন্ন প্ৰকাৰে অৰিহনা যোগাই আহিছিল। ১৯৩৮ চনৰ ১৫ আগষ্টত জন্মগ্ৰহণ কৰা মহিলা গৰাকী বিগত কেইমাহ মান ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে নিৰ্মিয়মাণ খৰঙী গাওঁ নামঘৰ ভাগ নিৰ্মান কৰাত তেখেতে বিনা দ্বিধাই ভূমি দান কৰি ভক্তপ্ৰাণ ৰাইজৰ পৰা সমাদৰ লাভ কৰিছিল।