71
কলিয়াবৰঃ ৰাজ্যত প্ৰতিদিনে এঠাইত নহয় এঠাইত সংঘটিত হয় নাৰী নিৰ্যাতনৰ ঘটনা৷ হত্যা, ধৰ্ষণ, স্বামীৰ পৰিয়ালৰ নিৰ্যাতন, যৌতুকৰ বাবে আতিশয্যা ভোগ কৰি আহিছে বহু অৱলা নাৰীয়ে৷
তাৰ মাজতে স্বামীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি পলাই আহিল এগৰাকী অৱলা নাৰী৷ দস্যু স্বামীক এৰি মাতৃ গৃহত উপস্থিত হয় মহিলাগৰাকী। জানিব পৰা মতে যৌতুক বিচাৰি স্বামীয়ে নিতৌ মহিলাগৰাকীক অত্যাচাৰ কৰাৰ লগতে নিজ কন্যাকো অত্যাচাৰ চলাই।