64
নগাঁওঃ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কলকতাত অসমৰ এগৰাকী বোৱাৰীয়ে ৰহস্যজনকভাৱে মৃত্যুক সাৱতি ল’বলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্ভগীয়া এই মহিলাগৰাকী হৈছে ডেৰ বছৰীয়া এটি সন্তানৰ মাতৃ নগাঁও জিলাৰ শেনচোৱাৰ প্ৰণতি দাস।
ভাৰতীয় সেনা বাহিনীৰ জোৱান হিচাপে কৰ্মৰত কামপুৰৰ স্বামী মনোজ গোঁহাইৰ সৈতে কৰ্মসূত্ৰে কলকতাত আছিল মহিলাগৰাকী ৷ স্বামীয়ে পৰিকল্পিতভাৱে ৫ দিনৰ পূৰ্বে হত্যা কৰাৰ অভিযোগ তুলিছে মহিলাগৰাকীৰ পৰিয়ালে ৷