ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ এগৰাকী বিবাহিতা মহিলাক প্ৰথমে সন্তান জন্ম দিব নোৱাৰা আৰু পাছত যৌতুকৰ বাবে নিৰ্যাতন চলাই স্বামী পৰিয়ালে খেদি দিয়াৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত বাতৰি মতে, খুমটাই হাবিছোৱা বৰপথাৰ গাঁৱৰ পাপু গগৈ নামৰ যুৱকজনৰ সৈতে আজিৰে পৰা প্ৰায় ৪ বছৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল বৰপথাৰ আৰক্ষী থানাৰ আলিছিঙা কঠ বিলৰ অঞ্জলি নামৰ মহিলাগৰাকী।
কিন্তু যোৱা ৭ আগষ্টত স্বামীগৃহৰ পৰিয়ালে ঘৰৰ পৰা খেদি পঠিয়াই অঞ্জলিক। আনকি ১৩ মহীয়া সন্তানটিকো বুকুৰ পৰা কাঢ়ি চৰ-ভুকু শোধাই স্বামী আৰু শাহুৱেক সীতা গগৈয়ে। দুৰ্ভগীয়া অঞ্জলিয়ে অভিযোগ কৰা মতে, বিয়া হোৱাৰ কিছু দিনৰ পৰাই সামান্য কথাতে শাহুৱেক সীতাই তেওঁৰ ওপৰত শাৰিৰীক-মানসিক অত্যাচাৰ চলাই গৈছিল।