বৰপেটাঃ যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মহিলাৰ অধিকাৰ সুৰক্ষাৰ বাবে বেটি বচাও বেটি পঢ়াও সদৃশ আঁচনিৰ জৰিয়তে গুৰুত্বপূৰ্ণ বাৰ্তা দিবলৈ চেষ্টা কৰিছে সেই সময়তো দেশত যৌতুকৰ দাবীৰে মহিলাক মাৰধৰ কৰি স্বামীৰ ঘৰ এৰি যাবলৈ বাধ্য কৰাই অহা ঘটনা সংঘটিত হৈ আহিছে। এনে এক ঘটনা সংঘটিত হৈছে বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ গাঁৱত।

♦ গোচৰৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ

গাঁওখনৰ কল্যাণ চন্দ্ৰ দাসৰ জীয়ৰী গৰিমা দাস তালুকদাৰক যৌতুকৰ নামত যোৱা ৪ বছৰ ধৰি মাৰধৰ কৰি আহিছে স্বামীৰ লগতে শাহুৱেক-শহুৰকে। প্ৰায় ৭ বছৰ পূৰ্বে গৰিমা দাসে সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰঘোপা গাঁৱৰ কন্ঠিৰাম তালুকদাৰৰ পুত্ৰ সঞ্জীৱ তালুকদাৰৰ লগত বিবাহপাশত আৱদ্ধ হয়। প্ৰথমতে সকলো ঠিকেই আছিল কিন্তুু কিছুসময়ৰ পিছত লাহে লাহে সৰ্থেবাৰী ডাকঘৰত চাকৰি কৰা  স্বামী সঞ্জীৱ তালুকদাৰে যৌতুকৰ দাবীত পত্নী গৰিমাক নিৰ্যাতন,মাৰধৰ কৰিবলৈ আৰম্ভ কৰে।

প্ৰথমতে স্বামী সঞ্জীৱে গৰিমাক ১ লাখ টকা দেউতাক কল্যাণ কুমাৰ দাসৰ পৰা আনিবলৈ দাবী জনায়। গৰিমাই ইতস্ততবোধ কৰাত তেওঁক মাৰধৰ কৰি অনাহৰে ৰাখে। মানসিক ভাৱে নিৰ্যাতন  চলাই থকাৰ অন্তত উপায়ন্তৰ হৈ গৰিমাই ১ লাখ টকা আনি দিয়াৰ পিছতো নিৰ্যাতন কম নহ'ল।

যোৱা ১৩ জুনত পিতৃৰ পৰা পুনৰ ১ লাখ টকা আনিবলৈ দাবী জনোৱাত গৰিমাই মান্তি নোহোৱাত স্বামীয়ে গৰিমাক লাঠিৰে কোবাই গুৰতৰভাৱে আহত কৰে। শৰীৰৰ বিভিন্ন ঠাইত লঠিয়াই অৱশেষত গলত ৰছীৰে চেপি প্ৰাণ নাশ কৰাৰো চেষ্টা চলাই যদিও গৰিমাৰ ৩ বছৰীয়া সন্তান বিজিত তালুকদাৰৰ চিঞৰ-বাখৰত বিফল হয়।

গৰিমাৰ গাত এতিয়াও মাৰধৰৰ আঘাত স্পষ্ট হৈয়ে আছে। যোৱা ১৪ জুনত গৰিমাক উদ্ধাৰ কৰি পিতৃ পৰিয়ালে বিষ্ণুপুৰৰ নিজ গৃহলৈ আনে। পিছত মহিলাগৰাকীৰ পৰিয়ালে স্বামী সঞ্জীৱ তালুকদাৰ, শাহুৱেক মনোজ তালুকদাৰ, শহুৰেক কন্ঠিৰাম তালুকদাৰ আৰু মামা শহুৰেক নৱ কুমাৰ দাসৰ বিৰুদ্ধে মাজদিয়া থানাত ২১৩/১৭ নম্বৰৰ এটি গোচৰ ৰুজু কৰি দোষীসকলক গ্ৰেপ্তাৰৰ দাবী কৰে।

স্বামী সঞ্জীৱ তালুকদাৰৰ লগতে শাহুৱেক-শহুৰেক আৰু মামা শহুৰেক বিষ্ণুপুৰ গাঁৱৰে নৱ কুমাৰ দাসেও শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা বুলি ভুক্তভোগীয় গৰিমাই এজাহাৰত উল্লেখ কৰিছে। ঘটনা সন্দৰ্ভত মাজদিয়া আৰক্ষী থানাত এসপ্তাহ আগতে গোচৰ ৰুজু কৰাৰ পিছতো দোষীৰ মাজদিয়া থানাৰ আৰক্ষী বিষয়াৰ লগত সু-সম্পৰ্ক থকাৰ বাবে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাই  বৰপেটাত অঞ্চলত তীব্ৰ চান্ঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে মহিলা সমিতিবোৰে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ দাবী জনাইছে।