ঢেকীয়াজুলিঃ এখন যাত্ৰীবাহী ৰেলৰ খুন্দাত প্ৰায় ৫০ফুট আঁতৰত ছিটিকি পৰি থিতাতে কৰুণ মৃত্যুক সাৱতিলে এগৰাকী ৬০ বছৰীয়া মহিলাই৷ এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ মিছামাৰী সেনা ছাউনীৰ সমীপৰ গাভৰু নৈৰ পাৰত৷
নৈখনৰ ওপৰত থকা ৰেলৰ দলং পাৰ হৈ বিয়লি প্ৰায় ৫.৪৫ বজাত সমীপৱৰ্তী সোণাজুলি গাঁৱৰ নিজগৃহলৈ বুলি ঢাপলি মেলিছিল দুগৰাকী মহিলা৷ দলংখনত উঠাৰ সময়তে ৰঙাপৰাৰ পৰা ৰঙিয়া অভিমুখে গৈ থকা যাত্ৰীবাহী ৰেলখন আহি সেই স্থানত তীব্ৰ বেগে উপস্থিত হয়৷