newsnextone.com | নগাঁওঃ নাৰী নিৰ্যাতন, ধৰ্ষণ আদি কাণ্ডই সততে জোকাৰি যোৱা বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ সংখ্যালঘূ অধ্যুষিত এলেকাত ৰবিবাৰে ধৰ্ষণৰ পৰা বাচিবলৈ এগৰাকী মহিলাই দেখুওৱা অনন্য সাহসে সমগ্ৰ ৰাজ্যবাসীৰ লগতে আৰক্ষী প্ৰশাসনৰো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷ বটদ্ৰৱা আৰক্ষী নিৱেশৰ অন্তৰ্গত ধুনীয়াভেটী চৌৰাপাৰ গাঁৱত ৰবিবাৰে সংঘটিত হয় এক নাৰী নিৰ্যাতনৰ ঘটনা ৷
ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কাচেম আলী নামৰ নৰাধমটোৱে গাঁৱৰে এগৰাকী অকলশৰীয়া মহিলাৰ কোঠাত প্ৰৱেশ কৰে ৷ ভয় ভাবুকি দেখুৱাই মুখত হেচা মাৰি ধৰি বলপূৰ্বকভাৱে অসহায় মহিলাগৰাকীক ধৰ্ষণ কৰিবলৈ চেষ্টা চলায় কাচেমে ৷ বহু চেষ্টা কৰিও নিজকে কাচেমৰ কবলৰ পৰা মুক্ত কৰিবলৈ বিফল হৈ উপস্থিত বুদ্ধি আৰু অদম্য সাহসিকতাৰ পৰিচয় ডাঙি ধৰি নিঃসহায় মহিলাগৰাকীয়ে গ্ৰহণ কৰে এক কঠোৰ পদক্ষেপ ৷