newsnextone.com। নগাঁওঃ সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱা নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ধনীয়াভেটী লালুংগাঁও বলাৎকাৰ কাণ্ডৰ মূল অপৰাধী জাকিৰ হুছেইনক দৃষ্টান্তমূলক শাস্তিৰ দাবীত বৃহস্পতিবাৰে  উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই।

স্থানীয় কহুঁৱাআটি সমুহীয়া ভৱনত দিনৰ ১০ বজাৰ পৰা ধৰ্ষণকাৰী জাকিৰ হুছেইনক দৃষ্টান্তমূলক শাস্তি দিয়ক, মহিলাৰ নিৰাপত্তা আৰু মৰ্যদা সুনিশ্চিত কৰক, ধৰ্ষণজনিত সকলো ঘটনাৰ বিচাৰ ফাষ্টট্ৰেক আদালতত কৰক, মহিলা আগুৱাই যাবই, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা জিন্দাবাদ ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ সম্পাদিকা আয়েফা বেগমে ভাষণত কয় যে, ধৰ্ষণকাৰীৰ বিৰুদ্ধে আমি যুঁজি আহিছো আৰু সদায় যুঁজি যাম। যোৱা ৪ ছেপ্তেম্বৰত নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে উক্ত ধৰ্ষণ কাণ্ডৰ মূল নায়ক জাকিৰ হুছেইনক দোষী সাব্যস্ত কৰে আৰু শুকুৰবাৰে জাকিৰ হুছেইনৰ শাস্তিৰ ঘোষণা কৰিব। আমি নাৰী প্ৰগতিশীল সন্থা এইটো আশা কৰো যে, নগাঁও মহামান্য আদালতে যি ৰায় দিব এই ৰায় দেশৰ বাবে ঐতিহাসিক ৰায় হব। এই ৰায়ে নাৰী সমাজৰ বাবে  সংঘটিত সংগ্ৰাম তথা নাগৰিক সমাজৰ আন্দোলনৰ এক সফল জয় হিচাপে  চিহ্নিত হৈ ৰব।

আনহাতে,প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয় 'জম্মু কাশ্মীৰৰ কথোৱা আৰু উত্তৰ প্ৰদেশৰ উন্নাউত হোৱা ধৰ্ষণৰ ঘটনা সন্দৰ্ভত একাংশ ধৰ্মীয় উগ্ৰবাদীয়ে ধৰ্ষণকাৰীৰ পক্ষত থিয় দিছিল সেই সময়তে আমি ইয়াত হিন্দু-মুছলমান সকলো মিলি দৃষ্টান্তমূলক শাস্তিৰ দাবীত আৰু গোচৰ ফাষ্টট্ৰেক আদালতত হব লাগে বুলি আন্দোলন কৰিছো'।

ধৰ্ণা কাৰ্যসূচীত সদৌ অসম প্ৰগতিশীল নাৰী সন্থা কহুঁৱাটি শাাখা সমিতিৰ সভাপতি ফুলুমনি বৰদলৈ, সম্পাদিকা জোনামনি বৰদলৈকে প্ৰমুখ্য কৰি শতাধিক মহিলাই গ্ৰহণ কৰে।

আনহাতে বিয়লি বেলা সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগতে বটদ্ৰৱাৰ পাঘালী হীৰা গাঁও আৰু জাজৰি বগৰীগুৰিটো জাকিৰ হুছেইনৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।