newsnextone.com | লিডুঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৯ মাইলৰ পাৱৰ্তীপুৰ গাঁৱত এগৰাকী মহিলাই নিজৰ ঘৰৰ ভিতৰতে চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ জানিব পৰা মতে, পাৱৰ্তীপুৰ গাঁৱৰ নিবাসী ধনেশ্বৰ মানকি আৰু পত্নী পুতলি মানকি লগতে এটি ৬ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে তিনিওঁ একেলগে মিলাপ্ৰিতীৰে জীৱন নিৰ্বাহ কৰি আহিছিল ৷
তেনেতে ধনেশ্বৰ মানকিয়ে দ্বিতীয় বিবাহ কৰি প্ৰথমা পত্নী পুতলি মানকিৰ পৰা আতৰি দ্বিতীয় পত্নীৰ সৈতে প্ৰায় তিনি বছৰ ধৰি আন ঠাইত সহবাস কৰি আহিছিল ৷ আনহাতে, ধনেশ্বৰ মানকিয়ে দ্বিতীয় বিবাহ কৰাই ঘৰৰ পৰা আতৰি থকাৰ সন্দৰ্ভত প্ৰথমা পত্নী পুতলি মানকিৰ আৱেদনৰ ভিত্তিত কেইবা বাৰু স্থানীয় গাঁওবাসীৰ মাজত গাঁওসভা অনুষ্ঠিত কৰি আহিছিল ৷