newsnextone.com | বোকাজানঃ কাৰ্বি আংলং জিলাৰ বোকাজানত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিক বুলি চিনাকি দিয়া এগৰাকী সন্দেহযুক্ত মহিলা সাংবাদিক আটক হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাৰ্বি আংলঙৰ বোকাজান আৰক্ষীয়ে শতাব্দী ৰেলৰ পৰা বোকাজান ৰেল ষ্টেচনত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক।
দিল্লীস্থিত ভয়চ নিউজ এজেঞ্চি নামৰ প্ৰতিষ্ঠানৰ মুখ্য সম্পাদিকা বুলি পৰিচয় দিছিল মহিলাগৰাকীয়ে৷ অসমৰ চৰকাৰী বিভিন্ন বিভাগ সমূহৰ ঠিকাদাৰসকলক লক্ষ্য কৰি লৈছিল ৰিচা শৰ্মা নাৰ সন্দেহজনক সাংবাদিকগৰাকীয়ে৷