ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাত নিহত হ’ল মুম্বাইৰ মহিলা বাইকাৰ জাগৃতি হোগলে৷ ৰবিবাৰে পুৱা মুম্বাইৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে সাহসী মহিলাগৰাকীয়ে৷ 

মুম্বাইৰ ৰাস্ট্ৰীয় ঘাইপথত গাঁতৰ পৰা বাচিবলৈ লওঁতেই ট্ৰাকৰ তলত পৰে জাগৃতি৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৩৪ বৰ্ষীয়া জাগৃতি মহিলা বাইকাৰ্ছ ক্লাবৰ সদস্য আছিল৷ 

দুৰ্ঘটনাৰ সময়ত জাগৃতিৰ লগতে তেওঁৰ বান্ধৱী তথা আন এগৰাকী বাইকাৰে বান্দ্ৰাৰ পৰা জৱাহৰলৈ গৈ আছিল৷ কিন্তু ঘটনাস্থলীত জাগৃতিৰ মৃত্যুৰ বহু পিছতহে গৈ পায় বান্ধৱীগৰাকী৷