newsnextone.com | মৰিয়নীঃ যোৱা ৩০ ঘণ্টাৰ ভিতৰত উজনি অসমত দুখনকৈ যাত্ৰীবাহী ৰেলৰ টয়লেটত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এনে ঘটনা সংঘটিত হোৱাত অসমৰ মহিলাৰ সুৰক্ষাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হৈছে৷ অসমক এতিয়া নাৰীয়ে ঘৰৰ পৰা ওলালেই জীৱনৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ নাৰী যেন এতিয়া কতো সুৰক্ষিত নহয়৷ যোৱা কেইবাটাও দিনৰ ঘটনাৰ লগতে যোৱা ৩০ ঘণ্টাত সংঘটিত ঘটনাই অধিক চিন্তিত কৰি তুলিছে অসমীয়া পৰিয়ালক৷ 

নিজ কন্যা, পত্নী, ভগ্নীয়ে ঘৰৰ পৰা ওলাই আহিলে প্ৰতিগৰাকী অসমীয়াৰ বুকু কঁপি উঠে৷ পুনৰ দুগৰাকী অবলা নাৰীয়ে নিজৰ জন্মভূমিত ৰেলত উঠি যাত্ৰা কৰিব ধৰোতেই ৰহস্যজনক ভাৱে মৃত্যুক আকোৱালি লোৱাত নাৰীক নিৰাপত্তা দিয়াত চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে পুনৰ চিন্তিত হৈছে ৰাজ্যৰ নাগৰিক৷

১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই বুধবাৰে তথা এদিন পিছতেই পুনৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মৰিয়নী জংচনত অবধ আসাম এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ৰে’লখনৰ বিকলাংগৰ ডবাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে ৰে’ল আৰক্ষীয়ে৷ ডিঙিত গামোচা মেৰিয়াই থোৱা অৰ্ধ নগ্ন মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে৷

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যত এতিয়া মহিলা কিমান সুৰক্ষিত তাকলৈ এতিয়া চৌদিশে উত্থাপন হৈছে প্ৰশ্ন৷ ৰাজ্যৰ নাৰীক সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা মিত্ৰজোঁটৰ তিনিওটা দল অগপ, বিপিএফ আৰু বিজেপিৰ বিৰুদ্ধে নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে৷ 

ৰাজ্যত তিনিওটা দলে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা অভিলেখ সংখ্যাক ধৰ্ষণ, নাৰী নিৰ্যাতন আৰু হত্যাকাণ্ড সংঘটিত হৈছে৷ প্ৰতিটো কাণ্ডৰ পিছতে চৰকাৰে নাৰীক সুৰক্ষা দিয়াৰ কথা কয় যদিও এটাৰ পিছত এটা তেনে ঘটনা সংঘটিত হৈ আহিছে ৰাজ্য খনত৷ 

ৰাজ্যৰ গ্ৰাম্য এলেকাৰ দূৰৰ কথা খোদ ৰাজধানী মহানগৰীতে নাৰীৰ সুৰক্ষা নোহোৱা হৈছে৷ নাৰীয়ে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত যৌন নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হৈছে৷ গ্ৰাম্য এলেকা আৰু চহৰত আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকাৰ পৰিতো নাৰী সুৰক্ষিত নহয়৷

ইপিনে মৰিয়নী ৰেল জংচনত অবধ আসাম এক্সপ্ৰেছত বুধবাৰে দিনৰ ২ বাজি ৩০ মিনিটত উদ্ধাৰ হোৱা মহিলাগৰাকীক ডিব্ৰুগড়ৰ লালীমা দেৱী বুলি চিনাক্ত কৰা হৈছে। ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’লষ্টেচনৰ পৰা কোচ বিহাৰলৈ যাবৰ বাবে পুত্ৰই ৰেলত তুলি দিছিল মহিলাগৰাকীক৷ ৰে’লত পুত্ৰই উঠাই দিয়াৰ কিছু সময় পিছতেই মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ মহিলাগৰাকীৰ পৰা নগদ ধন আৰু আ-অলংকাৰ আদিও উদ্ধাৰ হয়৷ মৃতদেহ সমীপত পৰি থকা মোবাইল যোগে মহিলাগৰাকীৰ পুত্ৰক যোগাযোগ কৰাত সকলো তথ্য পোহৰলৈ আহে। মহিলাগৰাকীয়ে শাৰিৰীক অসুস্থতা হেতুকে চিকিৎসাৰ বাবে বিহাৰলৈ যোৱাৰ লগতে শাৰিৰীক অসুস্থতা দিব্যাংগৰ ডবাত উঠিছিল৷  

যোৰহাট আৰক্ষীয়ে মৰিয়নী ৰেল ষ্টেচনত অবধ আসামৰ টয়লেটৰ পৰা উদ্ধাৰ হোৱা ডিব্ৰুগড়ৰ লালিমা দেৱী নামৰ মহিলাৰ মৃত্যুৰ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে৷ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰে শীঘ্ৰে তদন্তই সফলতা লাভ কৰিব বুলি জানিবলৈ দিয়ে৷

ইপিনে ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই লালীমা দেৱীৰ মৃতদেহ ৰে’লৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই ৰে’ল সুৰক্ষাৰ সোপা ঢিলা স্বৰূপ উন্মোচন হৈছে  বুলি অভিযোগ উত্থাপিত হৈছে৷