গুৱাহাটীঃ আন ১০গৰাকী যুৱতীৰ দৰে প্ৰিয়ংকাৰো (নাম সলনি কৰা হৈছে) অনেক সপোন আছিল। মেধাৰ বলত লাভ কৰা চৰকাৰী চাকৰি কৰি পোৱা দৰমহাৰ ধনেৰে পৰিয়াল তথা ভ্ৰাতৃ-ভগ্নী আৰু পিতৃ-মাতৃৰ অভাৱ-অনাটন দূৰ কৰাৰো প্ৰয়াস কৰিছিল যুৱতীগৰাকীয়ে।
এটা ভিতৰুৱা অঞ্চলৰ এই যুৱতীগৰাকীয়ে পৰিয়ালৰ পছন্দক অগ্ৰাধিকাৰ দি এটা চহকী পৰিয়ালৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ত্ৰিদীৱ নামৰ সুন্দৰ-সুঠাম চেহেৰাৰ যুৱকজনক প্ৰিয়ংকাৰো পছন্দ হৈছিল। কইনা চাবলৈ অহাৰ সময়ত প্ৰিয়ংকাই সপোনতো ভাবিব পৰা নাছিল যে দেখাত ধীৰ-স্থিৰ ত্ৰিদীৱ প্ৰকৃততে অতি উচ্ছৃংখল প্ৰকৃতিৰ।