বোকাজান: কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত মাটিপুল অঞ্চলৰ বাসিন্দা জয়ন্তী ৰাজগড় (৩৬) নামৰ এগৰাকী মহিলা কালি নিশা অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয় ৷ ৰাজু ৰাজগড় নামৰ লোকজনৰ পত্নী তথা সাতটাকৈ সন্তানৰ মাতৃ জয়ন্তী ৰাজগড়ে এনেদৰে নিশা গাত জুই লগাই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জয়ন্তীৰ স্বামীয়ে নিজেই গাত জুই লগাই আত্মহত্যা কৰা বুলি জানিবলৈ দিছে যদিও কি পৰিস্থিতিত, কেনেধৰণে মহিলাগৰাকী অগ্নিদগ্ধ হ’ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ অৱশ্যে এই ক্ষেত্ৰত সোধ-পোছৰ বাবে বোকাজান আৰক্ষীয়ে ইতিমধ্যে জয়ন্তীৰ স্বামী ৰাজু ৰাজগড়ক আটক কৰিছে ৷