ডিজিটেল ডেস্কঃ পুনৰ সেনাবাহিনীৰ ওপৰত শিলাবৰ্ষণ জম্মু কাশ্মীৰত৷ ক্ৰমাত অশান্ত হৈ পৰিছে জম্মু কাশ্মীৰৰ পৰিৱেশ৷ সোমবাৰে কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিবাদে কপাই ৰাজ্যখন৷ সোমবাৰৰ এই প্ৰতিবাদত পিছত নাথাকিল শ্ৰীনগৰৰ যুৱতীসকলো৷
হিজাবতে আৰক্ষীক আক্ৰমণ কৰে ছাত্ৰীসকলে৷ আৰক্ষীক লক্ষ্য কৰি শিলাবৰ্ষণ কৰে যুৱতীসকলে৷ উক্ত আক্ৰমণত প্ৰায় কুৰিজন আৰক্ষী আহত হয়৷ প্ৰত্যক্ষদৰ্শীয়ে টাইমছ অফ ইণ্ডিয়াৰ সাংবাদিকক জনোৱা অনুসৰি ছাত্ৰীসকলে পাকিস্তানৰ পতাকা প্ৰদৰ্শন কৰাৰ লগতে ধৰ্ণাও দিয়ে৷