ডিজিটেল ডেস্কঃ পুনৰ সেনাবাহিনীৰ ওপৰত শিলাবৰ্ষণ জম্মু কাশ্মীৰত৷ ক্ৰমাত অশান্ত হৈ পৰিছে জম্মু কাশ্মীৰৰ পৰিৱেশ৷ সোমবাৰে কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিবাদে কপাই ৰাজ্যখন৷ সোমবাৰৰ এই প্ৰতিবাদত পিছত নাথাকিল শ্ৰীনগৰৰ যুৱতীসকলো৷

হিজাবতে আৰক্ষীক আক্ৰমণ কৰে ছাত্ৰীসকলে৷ আৰক্ষীক লক্ষ্য কৰি শিলাবৰ্ষণ কৰে যুৱতীসকলে৷ উক্ত আক্ৰমণত প্ৰায় কুৰিজন আৰক্ষী আহত হয়৷  প্ৰত্যক্ষদৰ্শীয়ে টাইমছ অফ ইণ্ডিয়াৰ সাংবাদিকক জনোৱা অনুসৰি ছাত্ৰীসকলে পাকিস্তানৰ পতাকা প্ৰদৰ্শন কৰাৰ লগতে ধৰ্ণাও দিয়ে৷  

উক্ত আক্ৰমণ প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে গুলিবৰ্ষণ কৰে৷ কিন্তু আৰক্ষীয়ে ৰবৰৰ গুলি ব্যৱহাৰ কৰিছিল নে প্ৰকৃত গুলি সেই কথাটো এতিয়ালৈ স্পষ্ট হোৱা নাই৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৬ গৰাকী ছাত্ৰীক আৰক্ষীৰ জিম্মাত লৈছে৷ সোমবাৰেই প্ৰধানমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী মেহবুবা মুফ্টিক ৰাজ্যখনৰ পৰিৱেশ সুস্থিৰ কৰিবলৈ ৩ মাহ সময় দিছিল৷

আনহাতে দিল্লীৰ পৰা উভটি আহি আজি মেহবুবা মুফটিয়ে এক গুৰত্বপুৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে৷ আনহাতে কালিৰ ঘটনাত টুইটাৰৰ জৰিয়তে উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই৷ উল্লেখযোগ্য এনেধৰণে ছাত্ৰী প্ৰতিবাদত নামি পৰা ঘটনা ৰাজ্যখনত বিৰল৷