ধুবুৰীঃ বানৰ একাঠু পানীত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰী জিলাত৷ ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ডাকুৰ ভিটা গাঁৱৰ বিবাহিতা মহিলাগৰাকী পুৱা ৯ বজাত মৃতদেহ উদ্ধাৰ হয়৷
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ডাকুৰ ভিটা গাঁৱৰ আৰফান আলীৰ পত্নী মমিনা খাতুন ৷ জানিব পৰা মতে, আৰফান আলীয়ে পুৱাই বজাৰলৈ গৈছিল যদিও ঘৰলৈ উভতি আহি পত্নী মমিনা খাতুনক ঘৰৰ কাষতে একাঠু পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে।