56
খাৰুপেটীয়াঃ পুনৰ এক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে দলগাঁৱত। দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত ৫নং বৰুৱাঝাৰৰ ছাবিনা ইয়াছমিন নামৰ মহিলা গৰাকীৰ আকস্মিক মৃত্যুৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷
আজি দিনৰ ভাগত ছাবিনা ইয়াছমিন নামৰ মহিলাগৰাকীয়ে বিষ পান কৰা বুলি কৈ স্বামীগৃহৰ লোকে মহিলাগৰাকীক খাৰুপেটীয়া প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মহিলাগৰাকীৰ মৃত্যু হয়৷