newsnextone.com | নামতিঃ হাতত কঠিয়া লৈ ঘৰৰ পৰা ওলাইছে এজাক মহিলা৷ জাক পাতি অহা মহিলাই বাৰিষাৰ বোকা পানীৰ পথাৰত যাবলৈ জাক পাতি অহা নাই৷ কঠিয়া হাতত লৈ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাবলৈকেহে আহিছে মহিলাসকল৷ 

ডিজিটেল ইণ্ডিয়া কেতিয়া আহিব গাঁৱলৈ৷ আমি কেতিয়া ডিজিটেল ইণ্ডিয়াৰ বাসিন্দা হ’ব পাৰিম৷ এয়াই হৈছে আমাৰ ডিজিটেল ইণ্ডিয়াৰ ৰাজপথ৷ ওলাব নোৱাৰি সোমাব নোৱাৰি৷ হাতত চেণ্ডেল লৈ আহ-যাহ কৰিব লাগে আমি৷ এই মন্তব্য শিৱসাগৰ জিলাৰ নামতি দ’ল আৰু বৰুৱা আলি গাঁও পঞ্চায়তৰ একাংশ মহিলাৰ৷ 

শনিবাৰে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য চৰকাৰক ধিক্কাৰ দিয়ে মহিলাসকলে৷ শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত নামতি দ'ল আৰু বৰুৱা আলি গাওঁ পঞ্চায়তৰ শতাধিক মহিলাই ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে৷

নামতি দুলীয়া-লোণপুৰীয়া পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত বোকা পানীৰে ভৰি পৰাত যাতায়াতৰ পৰিৱেশ নোহোৱা হৈছে৷ ফলত জ্বলা-কলা খাইছে ৰাইজে। এজাক বৰষুণতে হাতত জোতা-চেণ্ডেল লৈ খোজকাঢ়িব লগা হয় ৰাইজে৷ গাড়ী-মটৰ চলোৱাৰ কোনো উপায় নাই পথটোত৷

নামতি দ'ল আৰু বৰুৱা আলি গাঁও পঞ্চায়তৰ ৰাইজে জনপ্ৰতিনিধিয়ে প্ৰতাৰণা কৰাৰ ফলতেই পথটোৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰা বুলি কয়৷ অঞ্চলটোৰ প্ৰায় ২০ খন গাঁও সংযোগ কৰা পথটোৰে দৈনিক অহা যোৱা কৰে বহু শতাধিক ছাত্ৰ-ছাত্ৰী, যান-বাহন আৰু স্থানীয় লোক। পথটোৰ পুখুৰী সদৃশ বোকাময় গাঁতত বর্তমানলৈকে কেইবাটাও সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈছে৷

পথটো নিৰ্মাণ নকৰাৰ ফলত প্ৰসূতি, ৰোগাক্ৰান্ত লোকক ঠেলা-দাং কোলাকৈ-ভাৰবান্ধি নিব লগা হয় চিকিৎসালয়লৈ৷ নামতি দ'ল আৰু বৰুৱা আলি গাঁও পঞ্চায়তৰ ৰাইজে এই পথটো নির্মাণৰ বাবে স্থানীয় বিধায়ক প্রদীপ হাজৰিকাক আবেদন জনাই অহাৰ পিছতো বিধায়কগৰাকীয়ে গুৰুত্ব প্ৰদান কৰা নাই।

অৱশেষত ক্ষোভিত দুয়ো পঞ্চায়তৰ ১০ খন গাঁৱৰ মহিলাই শনিবাৰে পথটোত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে পথটো পকী কৰাৰ দাবী জনায়৷ পথটোক লৈ আমগুৰি সমষ্টিৰ বিধায়কে ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰে। মহিলাসকলে জৰাজীৰ্ণ পথটোত ভূঁই ৰুই বিজেপি চৰকাৰ মুৰ্দাবাদ, বিধায়ক প্ৰদীপ হাজৰিকা মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। জনপ্ৰতিধিৰ ভুৱা আশ্বাসৰ বাবেই ক্ষোভিত মহিলাসকলে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়াৰ লগতে ৰাজনৈতিক নেতা-পালিনেতাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ থকা সাংবাদিকক জানিবলৈ দিয়ে।