newsnextone.com | নামতিঃ হাতত কঠিয়া লৈ ঘৰৰ পৰা ওলাইছে এজাক মহিলা৷ জাক পাতি অহা মহিলাই বাৰিষাৰ বোকা পানীৰ পথাৰত যাবলৈ জাক পাতি অহা নাই৷ কঠিয়া হাতত লৈ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাবলৈকেহে আহিছে মহিলাসকল৷
ডিজিটেল ইণ্ডিয়া কেতিয়া আহিব গাঁৱলৈ৷ আমি কেতিয়া ডিজিটেল ইণ্ডিয়াৰ বাসিন্দা হ’ব পাৰিম৷ এয়াই হৈছে আমাৰ ডিজিটেল ইণ্ডিয়াৰ ৰাজপথ৷ ওলাব নোৱাৰি সোমাব নোৱাৰি৷ হাতত চেণ্ডেল লৈ আহ-যাহ কৰিব লাগে আমি৷ এই মন্তব্য শিৱসাগৰ জিলাৰ নামতি দ’ল আৰু বৰুৱা আলি গাঁও পঞ্চায়তৰ একাংশ মহিলাৰ৷