newsnextone.com | নামতিঃ এগৰাকী কিশোৰী অপহৰণৰ অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবীত শুকুৰবাৰে শিৱসাগৰ জিলাৰ নামতি আৰক্ষী থানা ঘেৰাও কৰি একাংশ মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ এগৰাকী কিশোৰী অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে থানালৈ লৈ নাহি সোধ-পোছ নকৰাকৈ আদালতত হাজিৰ কৰোৱাৰ অভিযোগ উত্থাপন কৰি নামতিৰ ৰাজাবাৰী নামৰ এলেকাৰ মহিলাই আৰক্ষী থানা ঘেৰাও কৰে৷ মহিলাসকলে অভিযুক্তক আৰক্ষীয়ে ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰে৷
অভিযুক্তৰ বিৰুদ্ধে তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ বিৰুদ্ধে শ্ল’গান দিয়ে মহিলাসকলে৷ শিৱসাগৰ জিলাৰ নামতিত সপ্তম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা কৰি পলাই থকা এগৰাকী লোকক বৃহস্পতিবাৰে নিশা ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিছিল৷ দুদিন পূৰ্বে কিশোৰীক অপহৰণৰ চেষ্টা কৰি পলায়ন কৰা ৰুবুল আলীক ডিব্ৰুগড়ত অভিযান চলাই ডিব্ৰুগড় আৰক্ষীৰ সহযোগত শিৱসাগৰ জিলাৰ আৰক্ষীয়ে আটক কৰে। নামতিৰ কৰুণাসাগৰ ৰজাবাৰী গাঁৱৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা চলাইছিল ৰুবুল আলী নামৰ লোকজনে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰিছিল ৰুবুলক৷