টিংখাংঃ অৱশেষত টিংখাঙৰ ৰাজপথত ওলাই আহিল আবাল-বৃদ্ধ-বনিতা৷ জকাইচুকৰ সাধাৰণ ৰাইজৰ দাবীক বাৰে বাৰে উপেক্ষিত কৰা প্ৰশাসনৰ বিৰুদ্ধে আজি ডিব্ৰুগড় জিলাৰ টিংখাঙ সমষ্টিৰ অন্তৰ্গত ধোৱাপথাৰ, ৰংছোৱাল, বাংলাবাৰী গাঁৱৰ ৰাইজে ঐতিহাসিক মাহমৰা পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
ৰংছোৱাল-পানীবিল-হৈ নামৰূপ সংযোগী ঐতিহাসিক পথটোত শতাধিক পুৰুষ-মহিলাই পথ অৱৰোধ কৰি নিৰ্মীয়মান ৫২নং বি ৰাষ্ট্ৰীয় ঘাই পথৰ শিল বালি কঢ়িওৱা ডাম্পাৰৰ চলাচল বন্ধ কৰাৰ দাবী জনায়৷