ডিজিটেল ডেস্কঃ হায়দৰাবাদত এক চাঞ্চল্যকৰ মানৱ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে৷ ধাৰ শুজিব নোৱাৰা মহিলা এগৰাকীক তিনি লাখ টকাৰ বিনিময়ত ছৌডী আৰৱত বিক্ৰী কৰি দিয়াৰ ঘটনাই মানৱতাক ভুলুণ্ঠিত কৰিছে আকৌ এবাৰ৷

জানিব পৰা মতে ৩৯ বৰ্ষীয় চালমা বেগম নামৰ হায়দৰাবাদৰ মহিলাগৰাকীক চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই ছৌডী আৰৱলৈ লৈ যোৱা হয়৷ তাতেই সংঘটিত হয় এই পাশৱিক কাণ্ড৷ ঘৰুৱা কাম কৰাৰ বাবে ভিছাৰে মহিলাগৰাকীক আৰৱলৈ লৈ যোৱা হৈছিল বুলি হায়দৰাবাদৰ ভাভানাগৰ এলেকাৰ লোকে ভাষ্য প্ৰদান কৰিছে৷

মহিলাগৰাকীক তালৈ নিয়াৰ পিছতে তাতেই কাম কৰা দুজন এজেণ্টে ৩ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰি দিয়ে৷ মহিলাগৰাকীয়ে মেচেজৰ যোগে জীয়ৰীক খবৰ দিয়ে যে তাইক বিক্ৰী কৰি দিয়া হৈছে৷ ঘটনাৰ উমান পাই মহিলাগৰাকী উভতি অহাৰ চেষ্টা কৰিছিল যদিও এজেণ্টে বলপূৰ্বক তাইক আবদ্ধ কৰি ৰাখে৷

দুৰ্ভগীয়া মহিলাগৰাকীৰ জীয়ৰী সমীৰাই মাতৃক ঘুৰাই অনাৰ বাবে বাৰম্বাৰ ৰাজ্য তথা কেন্দ্ৰ চৰকাৰক অনুৰোধ জনাই আহিছে যদিও কোনোধৰণৰ ইতিবাচক সঁহাৰি পোৱা নাই৷ আৰক্ষীয়েও সহায় নকৰাৰ অভিযোগ উত্থাপন কৰিছে সমীৰাই৷